ধিং,1 জুন:আংশিক লকডাউনৰ সুযোগ লৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত ক্ৰমাগতভাৱে চোৰে চলাই আহিছে তাণ্ডৱ । জানিব পৰা মতে, বিগত কিছুদিন ধৰি মৈৰাবাৰী বজাৰত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছে । সোমবাৰে, বজাৰ খনত থকা 'ৰাজা জুয়েলাৰ্চ এণ্ড প'লিচ হাউচ' নামৰ এখন সোণাৰীৰ দোকানত চোৰে তাণ্ডৱ চলায় ৷
জানিব পৰা মতে, দোকান খনৰ পৰা প্ৰায় ৮০ হেজাৰ টকা মূল্যৰ সোণ-ৰূপৰ গহনা লৈ উধাও হয় চোৰ । ইফালে, দোকান খনৰ মালিক শ্বহীদুল ইছলামে এই সম্পৰ্কত মৈৰাবাৰী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে । পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চোৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।