ধিং,17 জানুৱাৰীঃমৰিগাওঁ জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ লেংৰীবড়ী এম.ই.মাদ্ৰাছাৰ পৰিচালনা কমিটি গঠনক লৈ অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত অৰিয়াঅৰি পৰিস্থিতিৰ সৃষ্টি হৈ অহাৰ বাবে বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে । বিগত 2020 চনৰ 31 ডিচেম্বৰ তাৰিখে পূৰ্বৰ পৰিচালনা কমিটিৰ ম্যাদ উকলি যোৱাৰ পাছত বিভাগীয় নিয়ম অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকে পৰিচালনা কমিটি গঠনাৰ্থে অভিভাৱকৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰে । উক্ত সভাত স্থানীয় ৰাইজৰ ফালৰ পৰা তিনিজন লোকৰ নাম সভাপতিৰ পদৰ বাবে প্ৰস্তাৱ আহে। এইখিনিতে পূৰ্বৰ সভাপতি গৰাকীয়ে বলপূৰ্বক ভাৱে তেওঁৰ নাম সভাপতি পেনেলত অন্তৰ্ভূক্ত কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰে ৷ ইয়াৰ লগে লগেই সভাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি ক্ৰমে উত্তপ্ত হৈ পৰাত বিদ্যালয় কৰ্তৃপক্ষই সভাখন ভংগ কৰি দিয়ে।
জানিব পৰা মতে, পূৰ্বৰ সভাপতি গৰাকীৰ বৰ্তমান অধ্যয়নৰত কোনো সন্তান নাই বিদ্যালয় খনত । এনে ক্ষেত্ৰত বিভাগীয় ভাৱে নিৰ্দেশনা অনুসৰি ব্যক্তিজন পৰিচালনা সমিতিৰ সভাপতি হ’ব নোৱাৰে । কিন্তু আচৰ্যজনক কথা এয়ে যে, পূৰ্বৰ সভাপতি গৰাকীয়ে ষষ্ঠমান শ্ৰেণীত পঢ়া মৃত আঃ মালেকৰ সন্তান হিবজুৰ ৰহমান নামৰ ছাত্ৰ জনৰৰ অভিভাৱক বুলি দাবী কৰি সভাপতিৰ হোৱাৰ বৃথা চেষ্টা চলায় ।