মৰিগাঁও,১০ আগষ্ট:মৰিগাঁৱৰ ৰাজপথত আজৱ দৃশ্য । বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিভিন্ন হৰ্ডিং আৰিলে বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিয়ে । দীৰ্ঘদিন ধৰি এচোৱা পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছে মৰিগাঁৱৰ এটা অঞ্চলৰ ৰাইজক । সেয়ে অতিষ্ঠ হৈ বিধায়কৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এইদৰেই সাব্যস্ত কৰে প্ৰতিবাদ ।
লক্ষণীয়ভাৱে মৰণফান্দত পৰিণত হৈছে মৰিগাঁৱৰ ৰাজপথ । পথৰ মাজত বৃহৎ বৃহৎ গাঁত । পথ নহয় যেন পুখুৰীহে । একাধিক দুৰ্ঘটনাত পতিত হৈছে চাইকেল তথা মটৰচাইকেল আৰোহী । আহত হৈছে পথচাৰী, আহত হৈছে ছাত্ৰ-ছাত্ৰী । মৰিগাঁও চহৰৰ মাজমজিয়াৰ সোই শোচনীয় তথা ব্যস্ততাপূৰ্ণ পথেৰে আহযাহ কৰে মন্ত্ৰী-বিধায়ক । নিতৌ আহে মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী । আনকি এই পথেৰে আহ যাহ কৰে জিলা আয়ুক্তইয়ো ।
লগতে পঢ়ক:AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন