অসম

assam

By

Published : Jan 4, 2020, 8:24 PM IST

ETV Bharat / state

মৈৰাবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

মৰিগাঁও জিলাৰ মৈৰাবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় চাৰিজনকৈ লোক ৷ AS-02E-6265 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

মৈৰাবাৰী,4 জানুৱাৰীঃ মৈৰাবাৰীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিজনকৈ লোক ৷ ধিং সমষ্টিৰ অন্তৰ্গত নগাঁও ভূৰাগাঁও পথত মৈৰাবাৰী বজাৰৰ পশ্চিম দিশত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি,লাহৰিঘাটৰ দিশৰ পৰা আহি থকা AS-02E-6265 পঞ্জীয়নভুক্ত এখন ট্ৰাকে প্ৰথমে এখন এল্ট' গাড়ীক খুন্দা মাৰে ৷ ঘটনাৰ পিচতেই তীব্ৰবেগী ট্ৰাকখনে পথৰ কাষত থকা লোক কেইজনক মহতিয়াই নিয়ে ৷ যাৰ ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ লোক ৷ চিকিৎসালয়লৈ নি থকাৰ পথতে এগৰাকী লোক আঘাতপ্ৰাপ্ত হৈ মৃত্যমুখত পৰে,যাৰ ফলত নিহতৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পায় ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক চালকগৰাকীক আটক কৰিছে ৷

তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত চাৰিজন

ABOUT THE AUTHOR

...view details