মৰিগাঁও,19 জানুৱাৰী: দেশজুৰি সোমবাৰৰ পৰা আৰম্ভ হৈছে ২৩সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ চলিব লগা এই পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি মৰিগাঁৱতো ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ কৰে জিলা পৰিবহন বিভাগে ৷ গোহাৰি পত্ৰত মদ্যপান কৰি যান বাহন নচলাব,চাৰিচকীয়া বাহন চলাওঁতে সদায় ছীটবেল্ট ব্যৱহাৰ কৰক,যানবাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব,অনুজ্ঞা পত্ৰ অবিহনে যানবাহন নচলাব,দুচকীয়া বাহন চলাওঁতে সদায় হেমলেট পৰিধান কৰক আদি বিভিন্ন শ্ল'গান উল্লেখ কৰে জিলা পৰিবহন বিভাগে ৷
মৰিগাঁৱত পথ সুৰক্ষাৰ ওপৰত গোহাৰী পত্ৰ বিতৰণ - পৰিবহন বিভাগ
দেশজুৰি আৰম্ভ ২৩সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ মৰিগাঁৱতো পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ কৰে জিলা পৰিবহন বিভাগে ৷
মৰিগাঁৱত পথ সুৰক্ষাৰ প্ৰতি ৰাইজক সজাগ
তদুপৰি,মৰিগাঁও চহৰৰ জনসমাগম ঘটা ঠাইসমূহত মাইকযোগে যানবাহন আইনৰ বিষয়ে সজাগ হ'বলৈ ৰাইজক আহ্বান জনোৱা হয় ৷ আনহাতে,অহা 20 জানুৱাৰীৰ পৰা জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন অনুষ্ঠানৰ মুৰব্বী,দল-সংগঠনৰ প্ৰতিনিধিক লগত লৈ ৰেলী বাহিৰ কৰাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হ'ব বুলি জিলা পৰিবহন বিষয়াই সদৰী কৰে ৷
লগতে পঢ়কঃঅৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন