মৰিগাঁও, ৩১ মাৰ্চ: মঙলবাৰে সমাপ্ত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ । কিন্তু প্ৰতিকূল বতৰৰ বাবে বহু ঠাইতে আশাত চেঁচাপানী পৰিল নেতাসকলৰ । বৰষুণৰ বাবে ক’ৰবাত যদি নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰা হ'ল আন কৰবাত আকৌ ষ্টাৰ কেম্পেইনাৰ আহিল পলমকৈ । ইফালে মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড সমষ্টিত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।
ষ্টাৰ কেম্পেইনাৰ আহিব সেয়ে পুৱাৰ পৰা সভাস্থলীত ভিৰ দলীয় কৰ্মী-সমৰ্থকৰ । পিছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো আহি নাপালে ষ্টাৰ কেম্পেইনাৰ । স্থানীয় বিধায়ক তথা নেতাই মাজে সময়ে বুজনি দিছে সমৰ্থকসকলক । নেতাই ঘোষণা কৰিছে অলপ পিছতে হেলিকপ্টাৰ পাবহি ! ৰাইজেও হেলিকপ্টাৰ চোৱাৰ আশাত ৰৈ আছে । পিছে এইবাৰ হেলিকপ্টাৰৰ ঠাইত আহিল বৰষুণ । উপায় নাই মুকলি আকাশৰ তলত সভা পাতিছে সেয়ে বহি থকা চকী কেইখনে মূৰৰ ওপৰত দাঙি লৈছে উপস্থিত সমৰ্থকসকলে ।