অসম

assam

By

Published : Nov 22, 2020, 7:26 PM IST

ETV Bharat / state

মৈৰাবাৰীত ৰাইজৰ দলৰ কমিটি গঠন

ৰাজ্যত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে কুচকাৱাজ ৷ পিচ পৰি থকা নাই নৱ গঠিত আঞ্চলিক দল ৰাইজৰ দলো ৷ জিলাই জিলাই নিজৰ শক্তি বঢ়োৱাৰ বাবে সমিতি গঠন কৰা দলটোৱে ধিং সমষ্টিতো 29 খন গাঁও পঞ্চায়তৰ পৰা 50 জন লোকক লৈ এক সমন্বয় সমিতি গঠন কৰিছে ।

raijor dal organised a meeting at morigaon
মৈৰাবাৰীত ৰাইজৰ দলৰ কমিটি গঠন

ধিং, 22 নৱেম্বৰ :মৰিগাঁৱৰ ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী থানা ৰোড ঈদগাহ ময়দানত দেওবাৰে ৰাইজৰ দলৰ সমষ্টি কমিটি গঠন কৰাৰ কাৰণে এখন সাধাৰণ সভা অনুষ্ঠিত হয় । ৰাইজৰ দলৰ নেতা বুবুল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজু বৰা ৷ ৰাজু বৰাই বিজেপি দল তথা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, আমি স্বাধীন ভাৰতৰ নাগৰিক ৷ মন্ত্ৰী বিধায়কৰ সন্তানৰ যিমান অধিকাৰ আছে আমাৰ সন্তানৰো সিমানেই অধিকাৰ আছে ৷ কিন্তু বিজিপি চৰকাৰে আমাৰ সন্তানৰ অধিকাৰ কাঢ়ি নিছে । বিজিপি চৰকাৰে হিন্দু আৰু মুছলমান লোকৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰি আহিছে ৷ কিন্তু আমাৰ দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

মৈৰাবাৰীত ৰাইজৰ দলৰ কমিটি গঠন

আনহাতে সভাত ৰাইজৰ দলৰ আন এজন নেতা গিৰি শংকৰে ভাষণ প্ৰদান কৰি কয় যে, আমি সকলোৱে অসমীয়া হিচাপে থাকিব বিচাৰো ৷ বিজিপি চৰকাৰে কোনো এটা সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়েহে তেওঁলোকে মোগলৰ কথা কৈ ভোট লাভ কৰিবলৈ চেষ্টা কৰি আছে । নেতাগৰাকীয়ে লগতে কয় যে, ৰাইজৰ দলৰ কমিটি গঠনৰ সিদ্ধান্ত ৰাইজে লৱব লাগিব । কমিটি গঠনৰ বাবে সকলোৱেই আগবাঢ়ি আহক বুলি উল্লেখ কৰি ধিং সমষ্টিৰ পৰা সিংহৰ দৰে এজন নেতা বাছনি কৰি দিবলৈ ৰাইজক আহ্বান জনায় । সভাৰ শেষত ধিং সমষ্টিৰ অন্তৰ্গত 29 খন গাঁও পঞ্চায়তৰ পৰা 50 জন লোকক লৈ এক সমন্বয় সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক: এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details