পটুৱাকাটা অংগনৱাড়ী কেন্দ্ৰ মৰিগাঁও, ১৩ নৱেম্বৰ: মৰিগাঁও জিলা কপিলী সংহত শিশু উন্নয়ন প্ৰকল্পত পটুৱাকাটাত অংগনৱাড়ী কেন্দ্ৰত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজৰ দাবীৰ বিপৰীতে চাৰ্ভে এৰিয়াৰ বাহিৰৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৫১ নং পটুৱাকাটা অংগনৱাড়ী কেন্দ্ৰটোত ওলোমালে তলা । মৰিগাঁও জিলা কপিলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ধন লেনদেনৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
স্থানীয় মহিলাক নিযুক্তি দিয়াৰ পৰিৱৰ্তে অন্য কেন্দ্ৰৰ মহিলাৰ নিযুক্তিক লৈ ক্ষুব্ধ হৈ পৰে ৰাইজ । উল্লেখ্য় যে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ তথা শিশু আৰু মহিলা উন্নয়ন বিভাগৰ অন্তৰ্গত কপিলি শিশু উন্নয়ন প্ৰকল্পৰ ভিতৰুৱা ৫১ নং পটুৱাকাটা অংগনৱাড়ী কেন্দ্ৰত খালি হৈ আছে কৰ্মী পদটো । ৫১ নং পটুৱাকাটা অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী গৰাকীৰ অৱসৰৰ পাছৰে পৰা কেন্দ্ৰটো চলাই আছিল সহায়িকা গৰাকীয়ে ।
লগতে পঢ়ক:Jal Jeevan Mission : জলজীৱন মিছনৰ ঠিকাৰ চি বি আই তদন্ত দাবী কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ
সেই অনুসৰি ৰাইজে দীৰ্ঘদিনে ৫১ নং পটুৱাকাটা অংগনৱাড়ী কেন্দ্ৰত সেৱা আগবঢ়োৱা সহায়িকা গৰাকীক কৰ্মীলৈ উন্নীতকৰণৰ জৰিয়তে পুনৰ নিযুক্তিৰ দাবীৰে কপিলি শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া,জিলা আয়ুক্তৰ লগতে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ আয়ুক্ত কাৰ্যালয়ত বিষয়টো লিখিতভাৱে অৱগত কৰে । এই সংশ্লিষ্ট সকলো বিভাগে বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিছিল ৰাইজক । কিন্তু এই বিষয়টো কোনো বিবেচনা নকৰাকৈয়ে হঠাৎ কপিলি শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াগৰাকীয়ে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । মৰিগাঁও জিলা কপিলী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ বিৰুদ্ধে ধন লেনদেনৰ অভিযোগ উত্থাপন কৰি ৰাইজে কয় যে কোনো কাৰণতেই এই অংগনৱাড়ী কেন্দ্ৰটোত বাহিৰৰ মহিলাক নিযুক্তি দিয়া নহ'ব ।
লগতে পঢ়ক:Dispur MLA Hostel Incident : বিধায়ক আৱাস চৌহদত সংঘটিত ঘটনাৰ ফৰেনচিকসহ উচিত তদন্তৰ দাবী বিৰোধী দলপতিৰ