অসম

assam

ETV Bharat / state

মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা - ৰেপিড টেষ্ট

শুকুৰবাৰে মৰিগাঁৱত সক্ৰিয় ক’ভিড ১৯ ৰোগীৰ সংখ্যা হয়গৈ 54 গৰাকী । মৰিগাঁও জিলা স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি মৰিগাঁৱত ক’ভিড ৰোগীৰ সংখ্যা 210 গৰাকীলৈ বৃদ্ধি পাইছে ৷

মৰিগাঁৱত উদ্ৰেগজনক ভাৱে বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা
মৰিগাঁৱত উদ্ৰেগজনক ভাৱে বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা

By

Published : Apr 24, 2021, 7:40 AM IST

মৰিগাঁও,24 এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা । শুকুৰবাৰে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত 2,634 গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰা হয় । ইয়াৰে 54 গৰাকীৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ।

মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিড ৰোগীৰ সংখ্যা

উল্লেখ্য যে, মৰিগাঁও জিলা স্বাস্থ্য বিভাগে পহিলা এপ্ৰিলৰ পৰা শুকুৰবাৰলৈ জিলাখনত 23,763 গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰে ৷ জিলাখনত শুকুৰবাৰৰ দিনটোলৈকে মুঠ 210 গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ অৱস্থিতি । মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ১৫ গৰাকী ক’ভিড ৰোগী সুস্থ হোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা দিয়া হৈছে অব্যাহতি ৷

লগতে পঢ়ক:শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details