অসম

assam

মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

By

Published : Sep 9, 2020, 9:33 AM IST

মৰিগাঁৱৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে ৰাইজৰ লানি নিছিগা সোঁত ৷ COVID-19 ৰ প্ৰট'কল ভংগ কৰি পৰিলক্ষিত হোৱা লোকসকলৰ মাজত চলিছে আধাৰ কাৰ্ড সংগ্ৰহৰ নামত এক অঘোষিত প্ৰতিযোগিতা ৷

আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল
আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

মৰিগাঁও, 9 ছেপ্তেম্বৰ:আধাৰ কাৰ্ডৰ নামৰ হাহাকাৰ কৰিবলগীয়া একাংশ মৰিগাঁওবাসীয়ে ৷ পুৱতি নিশাৰে পৰা মৰিগাঁৱৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে ৰাইজৰ লানি নিছিগা সোঁত ৷ পুৱাৰ ভাগত আহিলে শাৰীত ঠিয় হ'বলৈ নোপোৱাৰ বাবে নিশাই আহি সাধাৰণ ৰাইজ উপস্থিত হয় কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৷ তথাপিও বিমুখ হৈ যাবলগীয়া হৈছে বহু লোক ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং ভুক্তভোগী ৰাইজে ৷

মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'ক

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ এটা পোৱাৰ আশাৰে প্ৰতিদিনেই শতাধিক ৰাইজে আধাৰ কাৰ্ড বনোৱাৰ নামৰ কাৰ্যালয়ৰ সন্মুখত হেতা-ওপৰা লগায় ৷ আধাৰ কাৰ্ড থাকিলেহে তেওঁলোকে পাব প্ৰধানমন্ত্ৰীৰ আবাস যোজনা ঘৰ কিম্বা অৰুণোদয় আঁচনিৰ ধন ৷ এইসমূহ আঁচনিৰ বাবে আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ নামত ৰাইজৰ ভিৰে ভংগ কৰিছে COVID ৰ বাবে জাৰি কৰা নীতি ৷ কোনোজনে মাস্ক পৰিধান কৰিছে যদিও মানি চলা নাই সামাজিক দূৰত্ব ৷ কোনোজনে আকৌ মাস্ক পৰিধান নকৰাকৈয়ে ঠিয় দিলে লানি নিছিগা লোকৰ শাৰীত ৷ মুঠতে COVID প্ৰট'কল ভংগ কৰি হ'লেও ৰাইজে অব্যাহত ৰাখিছে আধাৰ কাৰ্ড সংগ্ৰহ কৰাৰ অঘোষিত এখন প্ৰতিযোগিতা

লগতে পঢ়ক:অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব

ABOUT THE AUTHOR

...view details