মৰিগাঁও,16 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে মৰিগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সাংবাদিক সন্থাৰ সহযোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত পৌৰহিত্য কৰে জিলা সাংবাদিক সন্থাৰ সভাপতি জাকিৰ হুছেইনে ।
মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - মৰিগাঁও
সোমবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সাংবাদিক সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ৷ প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত কৰা আলোচনা চক্ৰত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক বাতৰিৰ এক বস্তুনিষ্ঠ বিশ্লেষণ কৰি বাতৰিসমূহ প্ৰচাৰ কৰা উচিত বুলি মন্তব্য কৰে জিলা উপায়ুক্ত লীনা দাসে ৷
জিলা উপায়ুক্ত লীনা দাসে উদ্বোধন কৰা এই আলোচনা চক্ৰৰ উদ্বোধনী ভাষণত উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক বাতৰিৰ এক বস্তুনিষ্ঠ বিশ্লেষণ কৰি বাতৰিসমূহ প্ৰচাৰ কৰা উচিত বুলি মন্তব্য কৰে । আনহাতে, জিলা সাংবাদিক সন্থাৰ সম্পাদক জিতুমণি নাথে আঁত ধৰা আলোচনা চক্ৰখনত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট অতিথিয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ব্যাখ্যা আগবঢ়ায় ।
লগতে পঢ়ক :সাৰৰ ছিণ্ডিকেটে কপাইছে ৰঙিয়া, হাহাকাৰ পৰিস্থিতি কৃষক ৰাইজৰ