মৰিগাঁও, ৯ ছেপ্টেম্বৰ :পাঁচদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই শনিবাৰে মৰিগাঁও জিলা ভ্ৰমণ কৰে । তেওঁ জিলাখনৰ জাগীৰোডৰ সমীপৰ গোপালকৃষ্ণ চাহ বাগিচাত অনুষ্ঠিত এটা স্বাস্থ্য সজাগতা আৰু পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই তেওঁ মৰিগাঁৱত থকা সমাজ কল্যাণ বিভাগৰ ৱান ষ্টপ চেন্টাৰ আৰু মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক সন্থা, সঞ্জীৱনী সংঘৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত অনুষ্ঠিত উক্ত স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰি আয়োগৰ সদস্যাগৰাকীয়ে কয় যে মাতৃসকল সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিলেহে পৰিয়াল সুৰক্ষিত হ'ব । পৰিয়াল সু-স্বাস্থ্যৰ গৰাকী হ'লে সমাজ তথা দেশ সুৰক্ষিত হ'ব বুলি তেওঁ মন্তব্য় কৰে । তেওঁ এনে কাৰ্যসূচীৰ শলাগ লৈ কয় যে চাহ বাগিচাৰ বনুৱাসকল বিশেষকৈ মহিলাসকলে বিভিন্ন সমস্যাৰ বাবে শাৰীৰিক অসুস্থতা স্বত্বেও চিকিৎসালয়লৈ যাব নোৱাৰে । তেনে মহিলাসকলৰ বাবে এই স্বাস্থ্য শিবিৰসমূহ যথেষ্ট উপযোগী হিচাপে বিবেচিত হয় । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যা ডেলিনা খংডুপেই স্বাস্থ্য সজাগতাৰ দৰে মহিলাসকলৰ বাবে আইনী সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।