ধিং, ২৫ ছেপ্টেম্বৰ: দৰঙৰ ছিপাঝাৰৰ ধলপুৰত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । উচ্ছেদিত লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বহুতেই । লগতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে অভিযোগ তোলে যে, উচ্ছেদ অভিযান একমাত্ৰ RSS আৰু বিজেপিৰ বৰমূৰীয়াক সন্তুষ্ট কৰাৰ বাবে চলোৱা হৈছে ৷