অসম

assam

By

Published : Jan 27, 2020, 7:58 PM IST

Updated : Jan 27, 2020, 10:35 PM IST

ETV Bharat / state

মৰিগাঁৱত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ’ল এজনৰ

মৰিগাঁও নগাঁও জিলাৰ সীমান্তৱৰ্তী মণিপুৰটুপ কুহিমাৰীত টেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু হয় ৷ টেক্ট্ৰৰেৰে মাটি কঢ়িয়াই থকা অৱস্থাত ট্ৰেক্টৰ খন বাগৰি পৰাত, ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় লোকজন ৷

এজন লোকৰ মৃত্যু
এজন লোকৰ মৃত্যু

মৰিগাঁও, 27 জানুৱাৰীঃ মৰিগাঁও নগাঁও জিলাৰ সীমান্তৱৰ্তী মণিপুৰটুপ কুহিমাৰীত অঘটন ৷ টেক্টৰৰ চেপাত মৃত্যু এজন লোকৰ ৷ ৰহা থানাৰ অন্তৰ্গত চতাবৰ বেঙেনাআতি গাঁৱৰ অভিজিৎ দেউৰী (২০) নামৰ যুৱকজনে সোমবাৰে পুৱা টেক্ট্ৰৰেৰে মাটি কঢ়িয়াই থকা অৱস্থাত ট্ৰেক্টৰ খন বাগৰি পৰাত, ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় ৷ পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

মৰিগাঁৱত টেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু
Last Updated : Jan 27, 2020, 10:35 PM IST

ABOUT THE AUTHOR

...view details