অসম

assam

ETV Bharat / state

জালনোট জব্দ সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ সংবাদমেল - নন্দ সিং বৰকলা

মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ জালনোট উদ্ধাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে । জালনোটৰ সৈতে আটক হৈছিল দুজন লোক ।

fake currency recovery
fake currency recovery

By

Published : Aug 10, 2020, 5:09 AM IST

মৰিগাঁও, 9 আগষ্ট : মৰিগাঁৱত শনিবাৰে নিশা জিলা আৰক্ষী অধীক্ষৰ অভিযান উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ জালনোট জব্দক লৈ সংবাদ মেল । সংবাদ মেলত নিশা অভিযানত উদ্ধাৰ হোৱা জালনোট সন্দৰ্ভত জনালে আৰক্ষী অধীক্ষ ডঃ নন্দ সিং বৰকলাই ।

জালনোট জব্দ সন্দৰ্ভত মৰিগাঁও আৰক্ষীৰ সংবাদমেল
মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ জালনোট উদ্ধাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে । জালনোটৰ সৈতে আটক হৈছিল দুজন লোক । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম ক্ৰমে ছিৰাজুল হক আৰু নুৰুল আমিন। পলায়নৰ চেষ্টা কৰা দুই নকল টকা সৰবৰাহকাৰীক দুই জাঁই গুলী ফুটাই আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰে আৰক্ষীয়ে। মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নিজা অভিযানত ধৰা পৰে জালনোট সৰবৰাহকাৰী দুটা ৷ আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰোক্তি মতে মাৰণাস্ত্ৰ কিনিবৰ বাবে ৰাখিছিল টকা খিনি। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এনে স্বীকাৰোক্তিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

ABOUT THE AUTHOR

...view details