মৰিগাঁও, 11 ছেপ্তেম্বৰ:মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ আধাৰ কাৰ্ড সংগ্ৰহৰ নামত সম্প্ৰতি কাৰ্যালয়ৰ বাৰাণ্ডাত উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ তাৰ পাচতো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে একাংশ লোক ৷ জিলা খনত এতিয়া ডেকাৰ পৰা বৃদ্ধলৈ সকলোৱে নামি পৰিছে আধাৰ কাৰ্ড সংগ্ৰহৰ অঘোষিত যুঁজ খনত ৷
আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা কটাইছে মৰিগাঁওবাসীয়ে
আধাৰ কাৰ্ড সংগ্ৰহৰ নামত সম্প্ৰতি কাৰ্যালয়ৰ বাৰাণ্ডাত উজাগৰী নিশা কটাবলগীয়া হৈছে মৰিগাঁৱৰ ভিন্ন প্ৰান্তৰ ৰাইজে ৷ তাৰ পাচতো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে একাংশ লোক ৷
আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা
খোৱা-বোৱা বাদ দিও সম্প্ৰতি ভূৰবন্ধা উন্নয়ন খণ্ডৰ সৰ্বসাধাৰণ ৰাইজে চৰকাৰী আঁচনি পোৱাৰ আশাৰে দিন-ৰাতি কটাইছে কাৰ্যালয়ৰ বাৰাণ্ডাত ৷ প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ এটা পোৱাৰ আশাৰে প্ৰতিদিনেই শতাধিক ৰাইজে আধাৰ কাৰ্ড বনোৱাৰ নামত কাৰ্যালয়ৰ সন্মুখত হেতা-ওপৰা লগায় ৷ আধাৰ কাৰ্ড থাকিলেহে তেওঁলোকে পাব প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ কিম্বা অৰুণোদয় আঁচনিৰ ধন ৷