অসম

assam

ETV Bharat / state

লাহৰীঘাটত কিশোৰী ধৰ্ষণঃ ৰঙা ঘৰলৈ ধৰ্ষণকাৰী - etv bharat

ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট থানাৰ আৰক্ষীয়ে অভিযুক্ত আমিনুলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ।

লাহৰীঘাটত কিশোৰী ধৰ্ষণঃ ৰঙা ঘৰলৈ প্ৰেৰণ ধৰ্ষণকাৰী

By

Published : Jun 13, 2019, 7:05 AM IST

মৰিগাঁও, 13 জুনঃ মৰিগাঁৱৰ লাহৰীঘাটত যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী । ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰখাবল গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ আমিনুল হকে কাষৰে গাঁৱৰ এগৰাকী নাবালিকাক ফুচুলাই ধৰ্ষণ কৰে ৷ অতিকে দুখীয়া পৰিয়ালৰ কিশোৰীগৰাকীৰ লগত হোৱা নিৰ্যাতনৰ ফলত বৰ্তমান 4 মাহৰ অন্তঃসত্বা কিশোৰাগৰাকী ৷

লাহৰীঘাটত কিশোৰী ধৰ্ষণঃ ৰঙা ঘৰলৈ প্ৰেৰণ ধৰ্ষণকাৰী

আনহাতে এই ঘটনা পোহৰলৈ অহাৰ পিচতে নাবালিকাৰ অভিভাৱকে বুধবাৰে লাহৰীঘাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । আনহাতে ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট থানাৰ আৰক্ষীয়ে ধৰ্ষণকাৰী আমিনুলক ইতিমধ্য গ্ৰেপ্তাৰ কৰে । আমিনুলৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ২৩১/২০১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 376(2)(i)IPC pocso Act মতে মৰিগাওঁ জেললৈ প্ৰেৰণ কৰে।

ABOUT THE AUTHOR

...view details