অসম

assam

ETV Bharat / state

বিধ্বস্ত পথঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ

আধাৰশিলা স্থাপনৰ ডেৰবছৰৰ পাছতো মেৰামতি কৰা নহ'ল পথ ৷ সেয়ে উপায়ন্তৰ হৈ পথ মেৰামতিৰ দাৱীত প্ৰতিবাদত বহিল স্বয়ং বিজেপি দলৰ তৃণমূল কৰ্মী ৷

বিধ্বস্ত পথঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ

By

Published : Jun 30, 2019, 7:25 PM IST

মৰিগাঁও, 30জুনঃ মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া গাঁও পঞ্চায়তত ডেৰবছৰৰ পূবে স্থপন কৰা হৈছিল বৰভগীয়া চন্দ্ৰপুৰ পথছোৱা উন্নয়ণৰ বাবে আধাৰশিলা । পিছে নিৰ্বাচনৰ গইনাৰে কোনোধৰণৰ মেৰামতিৰ কাম সম্পন্ন নকৰিলে উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলে । পথ মেৰামিতৰ ক্ষেত্ৰত এনে হেমাহীৰ পৰিপেক্ষিতত কপিলীৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য দিগন্ত কুমাৰ নাথে এনেদৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বিধ্বস্ত পথঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি কৰ্মীৰ

ABOUT THE AUTHOR

...view details