অসম

assam

ETV Bharat / state

মৰিগাঁও আৰক্ষীৰ অভিযানত ভেজাল তেলৰ ঘাটি উচ্ছেদ

মৰিগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভেজাল তেলৰ ঘাটি উচ্ছেদ ৷ লগতে, বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধৰ উপৰিও নগদ ধনও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

By

Published : Aug 16, 2020, 9:13 PM IST

Morigaon Police Resue Illigal Oil
মৰিগাঁও আৰক্ষীৰ অভিযানত ভেজাল তেলৰ ঘাটি উচ্ছেদ

মৰিগাঁও, 16 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে মৰিগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভেজাল তেলৰ ঘাটি উচ্ছেদ ৷ লগতে, উক্ত স্থানৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধৰ উপৰিও নগদ ধনও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

তথ্য অনুসৰি, মৰিগাঁৱৰ দলবাৰীত সদৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে নগদ ধন সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু খাৰুৱা তেল । অভিযোগ অনুসৰি, বহুদিন ধৰি ড্ৰাগছ, নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল দলবাৰীত ৷ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত মিকিৰভেটা আৰু সদৰ আৰক্ষীৰ থানাৰ এটি বৃহৎ দলে অভিযান চলাই চাহিদুল্লাহ খানৰ ঘৰৰ গোপন কোঠাৰ লগতে বিভিন্ন ঠাইত মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে প্ৰায় 3 লাখ টকা মূল্যৰ 1250 টা নিচাযুক্ত দ্ৰব্য আৰু নগদ 2.59 লাখ টকা ৷

মৰিগাঁও আৰক্ষীৰ অভিযানত ভেজাল তেলৰ ঘাটি উচ্ছেদ

আনহাতে, আন এক অভিযানত আৰক্ষীয়ে একেখন গাঁৱতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ খাৰুৱা তেল ৷ উদ্ধাৰ হোৱা খাৰুৱা তেলখিনিৰ মূল্য প্ৰায় 10 লাখ টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

ইফালে, আৰক্ষীৰ ভাষ্য অনুসৰি, কেৰাচিনৰ লগত এবিধ কেমিকেল মিলাই ডিজেল-পেট্ৰ'ল আদি বনাই অবৈধভাবে ব্যৱসায় চলাই আছিল চক্ৰটোৰ মূল অভিযুক্ত ৰাজীৱ আলী উৰফে মিথুনে ৷ দেওবাৰে আৰক্ষীয়ে কেৰাচিনৰ পৰা পেট্ৰ'ল-ডিজেল আদি বনোৱা কেমিকেল উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ অবৈধভাবে ৰখা কেৰাচিন আৰু পেট্ৰ'ল ৷ অভিযোগ অনুসৰি, ৰাজীৱে দীৰ্ঘদিন ধৰি এই ভেজাল ডিজেল-পেট্ৰ'লৰ ব্যৱসায় চলাই আহিছিল ৷

মৰিগাঁও আৰক্ষীৰ অভিযানত ভেজাল তেলৰ ঘাটি উচ্ছেদ

লগতে, এই অবৈধ তেলৰ ব্যৱসায় লগত জড়িত জোনমণি আলী নামৰ লোক এজনৰ ঘৰতো অভিযান চলাই কিছু অবৈধভাবে মজুত কৰি খাৰুৱা তেল জব্দ কৰিবলৈ সক্ষম হয় ৷ এই মূল অভিযুক্ত আটাইকেইজন বৰ্তমানলৈ পলাতক হৈ আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ লগতে, এই ব্যৱসায় কৰিবলৈ ব্যৱহাৰ কৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰি ৰেজিষ্ট্ৰেচন নাকচ কৰাৰো ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ ইফালে, ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত দুগৰাকী মহিলাকো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰী

ABOUT THE AUTHOR

...view details