অসম

assam

By

Published : Jul 29, 2020, 10:35 AM IST

ETV Bharat / state

মৰিগাঁৱত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী

মৰিগাঁৱত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ বনৰীয়া ম'হ চিকাৰী । আটকাধীন চিকাৰী টোৰ নাম ইদ্দিছ আলী বুলি জানিব পৰা গৈছে ।

morigaon-poacher-arrested-by-police
মৰিগাঁৱত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ

মৰিগাঁও,29জুলাইঃ মৰিগাঁও জিলাৰ পবিতৰাত অভয়াৰণ্যত বনৰীয়া ম'হ, গাহৰি আদিৰ মাংস বিক্ৰী কৰাৰ অভিযোগত অভিযুক্ত ইদ্দিছ আলী বুধবাৰে মৰিগাঁও আৰক্ষীৰ জালত পৰে। ইদ্দিছ আলীয়ে বিগত সপ্তাহত আত্মগোপন কৰি থকাৰ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰে মৰিগাঁৱৰ পৰা আৰক্ষীয়ে ৷

মৰিগাঁৱত গ্ৰেপ্তাৰ বন্যপ্ৰাণী সৰবৰাহকাৰী

জানিব পৰা মতে, ইদ্দিছ আৰু আন দুই বন্যপ্ৰাণী চিকাৰীৰ বিৰুদ্ধে মায়ং আৰক্ষী থানাত 113/20 U/S-379/429 IPC RW sec আৰু 9//27/61/ বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 ৰ অধীনত গোচৰ ৰুজু হৈ আছিল ৷ ইপিনে এই একেই গোচৰতে আন দুটা চোৰাং চিকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ ঐতিহাসিক কীৰ্তি চিহ্ন ৰূপত সংৰক্ষিত গহপুৰ থানা

ABOUT THE AUTHOR

...view details