অসম

assam

ETV Bharat / state

মৰিগাঁৱত ৰহস্যজনকভাৱে নিৰুদ্দেশ মহিলা

মৰিগাঁও জিলাৰ টকুনাবড়ীৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা । মহিলাগৰাকী হাফিজুল আলীৰ পত্নী জানমণি বেগম ৷ ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীৰ জাৱুগুটি আৰক্ষী চকীত এজাহাৰ দাখিল ।

By

Published : Apr 24, 2021, 7:43 AM IST

মৰিগাওঁ, 24 এপ্ৰিল : মৰিগাঁৱৰ জালুগুটি টকুনাবড়ীত ৰহস্যজনকভাৱে নিখোঁজ হয় এগৰাকী মহিলা । নিখোঁজ মহিলাগৰাকী মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত টকুনাবড়ীৰ হাফিজুল আলীৰ পত্নী জানমণি বেগম বুলি জানিব পৰা গৈছে ৷ বুধবাৰে দিনৰ প্ৰায় ১২:০০ বজাৰ পৰাই নিখোঁজ হয় মহিলাগৰাকী ।

সন্ধিয়া দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া হাফিজুল আলী কৰ্মস্থলীৰ পৰা ঘূৰি অহাৰ পাছত ৭ বছৰীয়া পুত্ৰ মফিজুল আলীয়ে মাতৃ নগাঁৱৰ নিজ বাসগৃহলৈ কোনো বিশেষ কামৰ প্ৰসংগত যোৱা বুলি কয় । বহুসময় ধৰি পত্নি ঘৰ নহাত জানমণি বেগমৰ স্বামী আৰু পৰিয়ালে বহু ঠাইৰ লগতে জানমণিৰ ঘৰত খবৰ কৰে যদিও জানমণিৰ কোনো খবৰ নাপায় ৷

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত হাফিজুল আলীয়ে জালুগুটি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে । কিন্তু এই পৰ্যন্ত মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই ঘৰৰ মানুহ তথা আৰক্ষীয়ে ৷

লগতে পঢ়ক : ব্যৱসায়জনিত শত্ৰুতাৰ বাবেই ধৃতিৰাজক মাফিয়া কায়দাৰে হত্যা কৰা হৈছে: হত্যাকাৰী

ABOUT THE AUTHOR

...view details