মৰিগাওঁ, 26 মে’ : মায়ঙৰ পাভকাটি, লেহপটিত ব্ৰহ্মপুত্ৰৰ নৈৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ দিশে মায়ঙৰ বহু কেইটা অঞ্চল । প্ৰতি বছৰেই বাৰিষা অহাৰ লগে লগেই ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত অঞ্চলটোৰ বহু লোকৰ ঘৰ-বাৰী, খেতি-পথাৰ ব্ৰহ্মপুত্ৰৰ বুকুত নিঃচিহ্ন হয় ।
এই পৰিপ্ৰেক্ষিতত নিৰাপদ স্থান বিচাৰি নিজ ভূমি এৰি আন ঠাইলৈ যাবলগীয়া হৈছে বহু লোক । খহনীয়াত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি । যাৰ বাবে কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে । গৃহহাৰা হৈছে শ-শ পৰিয়াল । কিন্তু এই অৱস্থাৰ খবৰ ল’বলৈ চৰকাৰী বিষয়া তথা জন প্ৰতিনিধিৰ আহৰি নাই বুলি অভিযোগ কৰিছে একাংশ ৰাইজে ।