অসম

assam

ETV Bharat / state

মৰিগাঁৱত দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী - দেৱী প্ৰতিমাত শেষ পৰশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো চলিছে লক্ষ্মী পূজাৰ প্ৰস্তুতি । ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকলো। লক্ষ্মী প্ৰতিমা পূজাৰ বাবে ভক্তসকলৰ হাতত তুলি দিবলৈ মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ।

morigaon-lakshmi-puja
মৰিগাঁৱত দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

By

Published : Oct 29, 2020, 10:08 PM IST

মৰিগাঁও, 29 অক্টোবৰ : শুকুৰবাৰৰ পৰা ৰাজ্যত দুদিনীয়াকৈ অনুষ্ঠিত হ‘ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ ক'ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে । প্ৰায় সেমেকা হৈ ৰৈছে ৰাজ্যৰ বজাৰ-সমাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো চলিছে লক্ষ্মী পূজাৰ প্ৰস্তুতি । ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকলো।

মৰিগাঁৱত দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

লক্ষ্মী প্ৰতিমা পূজাৰ বাবে ভক্তসকলৰ হাতত তুলি দিবলৈ মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত । সমান্তৰালকৈ সাজু মৰিগাঁৱৰ বিভিন্ন পূজা সমিতি সমূহো। একেদৰে ব্যক্তিগতভাৱেও গৃহস্থৰ ঘৰত চলিছে লক্ষ্মী পূজা উদযাপনৰ প্ৰস্তুতি ।

লগতে পঢ়ক: ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ?

ABOUT THE AUTHOR

...view details