অসম

assam

ETV Bharat / state

মৰিগাঁৱত পৰ্যটন উদ্যোগৰ জৰিয়তে আত্মনিৰশীল উদীয়মান যুৱকৰ হতাশা

পৰ্যটন উদ্যোগৰ জৰিয়তে আত্মসংস্থাপনৰ পথ মুকলি কৰা কুৰি গৰাকী যুৱকৰ হতাশা। এতিয়ালৈ আহা নাই দেশী বিদেশী পৰ্যটক।

morigaon jeep safari youths
মৰিগাঁৱত পৰ্যটন উদ্যোগৰ জৰিয়তে আত্মনিৰশীল হৈছে কেইজন মান উদীয়মান যুৱক

By

Published : Nov 15, 2020, 10:58 PM IST

মৰিগাঁও,15 নৱেম্বৰঃ পৰ্যটন উদ্যোগেৰে মৰিগাঁও জিলাৰ মায়ঙৰ 20 গৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্থাপনৰ পথ মুকলি । বিগত কেইবছৰমানৰ পৰা পৰ্যটনক উদ্যোগ হিচাপে লৈ পবিতৰা অভয়াৰণ্যলৈ অহা পৰ্যটকক ভ্ৰমণ কৰাই লাভ কৰা অৰ্থৰে পৰিয়ালৰ পোহপাল দি আহিছিল । বিশেষকৈ পবিতৰা অভয়াৰণ্য লৈ অহা দেশ বিদেশৰ পৰ্যটকক ভ্ৰমণ কৰাই বিগত বৰ্ষসমূহত মুকলি কৰিছিল সংস্থাপনৰ পথ ।

মৰিগাঁৱত পৰ্যটন উদ্যোগৰ জৰিয়তে আত্মনিৰশীল হৈছে কেইজন মান উদীয়মান যুৱক

পিছে এইবেলি ক’ডিড-19 পৰিস্থিৰ বাবে এতিয়া লৈ এশিঙীয়া গঁড়ৰ ৰাম্য ভূমি পবিতৰালৈ আগমণ ঘটা নাই দেশী বিদেশী পৰ্যটকৰ । সেয়েহে হতাশাত ভোগিছে মৰিগাঁৱৰ মায়ঙৰ পৰ্যটনৰ উদ্যোগীসকল।

মৰিগাঁৱত পৰ্যটন উদ্যোগৰ জৰিয়তে আত্মনিৰশীল হৈছে কেইজন মান উদীয়মান যুৱক

লগতে পঢ়কঃ ধ্বংসৰ গৰাহত মৰাণৰ প্ৰায় দুই শতাধিক মৈদাম

ABOUT THE AUTHOR

...view details