মৰিগাঁও,11 এপ্ৰিল: মৰিগাঁৱৰ গান্ধীভৱন প্ৰেক্ষাগৃহত তিৱা মাথন লাই তখ্ৰাৰ উদ্যোগত ছখনকৈ গ্ৰন্থ আৰু এটা ৱেবচাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ তিৱা মাথন লাই তখ্ৰাৰ এখন গুৰুত্বপূৰ্ণ সভাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰে সভাপতি লালচিং মাদাৰে । সাধাৰণ সম্পাদক ড৹ বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰে গুৰুত্বপূৰ্ণ সভাখনৰ ৷ সভাপতি লালচিং মাদাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰী, সাহিত্যিক মিলেশ্বৰ পাটৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচিৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে প্ৰণম জ্যোতি মছৰং, খগেন বৰদলৈ, ভূপেন খলাৰ আৰু অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তি ৷
তিৱা ভাষা-সাহিত্য়ৰ ৱেবচাইট মুকলি - গ্ৰন্থ
মৰিগাঁৱত তিৱা মাথন লাই তখ্ৰাৰ উদ্যোগত ছখনকৈ গ্ৰন্থ আৰু এটা ৱেবচাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ তিৱা ভাষা-সাহিত্য়ক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ উদ্দেশ্য় হাতত লোৱা হয় এই প্ৰচেষ্টা ৷
তিৱা ভাষা-সাহিত্য়ৰ ৱেবচাইট মুকলি মৰিগাঁৱত
সভাখনত মুকলি কৰা ৱেবচাইটটো হ’ল www.tiwamathonlaitokhra.org ৷ ইয়াৰ লগতে জনাৰ্দন পাটৰৰ বাৰ্তালোচনী ' পাৰিখা'ও মুকলি কৰা হয় ৷ সভাখনত লালছিং মাদাৰৰ ‘পিখৰং’ ,দীপেন্দ্ৰনাথ বৰদলৈৰ ‘মেকদ তিৱা মাতখপ ফেৰা’, ৰত্নেশ্বৰ বৰদলৈৰ ‘পৰতে চুচি’, হৰছিং খলাৰ ‘পানাত চালা’, ‘নাৱৰীয়া পাহাৰৰ উচুপনি’, গীতা দাৰফাংৰ ‘নাংজিল’ নামৰ গ্ৰন্থকেইখন প্ৰকাশ কৰা হয় ৷
লগতে পঢ়ক :মেৰাপানীত ৰঙালীক আদৰাৰ প্ৰস্তুতি
Last Updated : Apr 11, 2021, 4:02 PM IST