মৰিগাঁও,১৬ ছেপ্টেম্বৰ :দায়িত্ব গ্ৰহণৰ পাছতে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মাৰ বিশেষ পদক্ষেপ । বৃহস্পতিবাৰে মৈৰাবাৰীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিলে নৱ নিযুক্ত উপায়ুক্তগৰাকীয়ে (DC Debashis Sarma visits Moirabari)। যোৱা৩১ আগষ্ঠত মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দেৱাশিষ শৰ্মাই দিনযোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে ।
উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে যোৱা ৬ ছেপ্টেম্বৰৰ দিনটোতও মৈৰাবাৰীৰ নিকটৱৰ্তী বৰচাপৰি মৌৱামাৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ মথাউৰি পৰিদৰ্শন কৰিছিল । উপায়ুক্তগৰাকীয়ে মৈৰাবাৰী মডেল স্কুলৰ নতুন গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে (Morigaon DC laid School new building)। লগতে বিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে পৰিচালনা কমিটীৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ পাছত মৈৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু সাংবাদিকসকলৰ সৈতেও এক বৈঠকত মিলিত হয় উপায়ুক্তগৰাকী ।
মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তাতিকটা গাঁও পঞ্চায়তত থকা এটা পুখুৰী পৰিদৰ্শন কৰি উপায়ুক্ত দেৱাশিষ শৰ্মাই শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত উপস্থিত হয় । সত্ৰৰ সমিতিয়ে উপায়ুক্তগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ উপৰিও দিনযোৰা কাৰ্যসূচীত উপায়ুক্তগৰাকীয়ে মৈৰাবাৰীত থকা গ্ৰাম বিকাশ পৰিষদ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে ।