ধিং, 2 জুন : ৰাজ্যত বাৰিষাৰ আগমনৰ পূৰ্বে এতিয়া তৎপৰ হৈছে চৰকাৰৰ লগতে জিলা প্ৰশাসনসমূহ ৷ মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি কাম কাজৰ পৰিদৰ্শন কৰি কম সময়ৰ ভিতৰত কাম সমূহ সম্পূৰ্ণ কৰি তোলাৰ নিৰ্দেশ দি আগন্তুক বানপানীৰ প্ৰভাৱৰ পৰা নৈ পৰীয়া লোকসকলক সকাহ দিয়াৰ চেষ্টা চলাই আছে ৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন ঠাইত সম্ভাব্য বান আৰু গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে মৰিগাঁও জিলাৰ উপায়ুক্তগৰাকীয়ো ৷
সম্ভাৱ্য বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ - মৰিগাঁৱৰ খহনীয়া প্ৰভাৱিত ঠাই
মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি কাম কাজৰ তদাৰক কৰি কম সময়ৰ ভিতৰত কামসমূহ সম্পূৰ্ণ কৰি তোলাৰ নিৰ্দেশ দি আগন্তুক বানপানীৰ প্ৰভাৱৰ পৰা নৈ পৰীয়া লোকসকলক সকাহ দিয়াৰ চেষ্টা চলাই আছে ৷ ইয়াৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত সম্ভাব্য বান আৰু গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে মৰিগাঁৱৰ জিলা উপায়ুক্তগৰাকীও ৷
বুধবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত সীমা ৰেখা ভূঞাই মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগৰ অন্যান্য বিষয়াসকলক লগত লৈ মৰিগাঁও জিলাৰ খহনীয়া প্ৰভাৱিত স্থান ভূৰাগাঁও, বৰালীমাৰী, কুপতিমাৰী, টেঙাগুৰি, শিৱবাৰী আদি পৰিদৰ্শন কৰে । উক্ত স্থান সমূহত উপস্থিত হৈ আগন্তুক সময়ত বান নিয়ন্ত্ৰণৰ বাবে যথোপযুক্ত ব্যৱস্থা জলসম্পদ বিভাগৰ সৈতে আলোচনা মৰ্মে কেনেকৈ কৰিব পৰা যায় তাৰ পৰিকল্পনা কৰা হয় । বানাক্ৰান্ত ৰাইজৰ বাবে আগতীয়াকৈ লোৱা প্ৰচেষ্টাৰ ক্ষেত্ৰত ৰাইজক সহযোগ আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷
লগতে পঢ়ক : চিকিৎসকক আক্ৰমণকাৰীক কঠোৰ সকীয়নি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ