সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ মৰিগাঁও, 29 জানুৱাৰী : ‘‘একাংশ ব্যক্তিয়ে সততে কোৱাৰ দৰে যুৱ প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি ধাউতি কমা নাই বৰঞ্চ বাঢ়িছেহে । আজিৰ প্ৰজন্মই যিকোনো গ্ৰন্থৰ হাৰ্ড কপিহে গ্ৰন্থমেলাৰ পৰা ক্ৰয় কৰে বুলি অভিযোগ উঠা পৰিলক্ষিত হয় । কিন্তু লক্ষণীয় বিষয় যে, সদ্য সমাপ্ত মৰিগাঁও গ্ৰন্থমেলাত নৱ প্ৰজন্মৰ পাঠক-ক্ৰেতাৰ সংখ্যা সৰ্বাধিক দেখা গ’ল ।’’ মৰিগাঁও গ্ৰন্থমেলাৰ সামৰণিৰ দিনা এই মন্তব্য আগবঢ়ায় নলবাৰীৰ আগশাৰীৰ প্ৰকাশনগোষ্ঠী ডেউকা প্ৰকাশনৰ স্বত্বাধিকাৰী পুলকেশ মিশ্ৰই ৷ শনিবাৰে সামৰণি পৰে জিলা প্ৰশাসন আৰু সাৰথি নামৰ বৌদ্ধিক অনুষ্ঠানৰ উদ্যোগত সাত দিনীয়াকৈ অনুষ্ঠিত হোৱা মৰিগাঁও গ্ৰন্থমেলাৰ (Morigaon Book fair 2023) ।
গ্ৰন্থমেলাখনৰ সৈতে সংগতি ৰাখি এখনি গ্ৰন্থ উন্মোচনী সভাৰো আয়োজন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰমোহন কাকতিয়ে কয় যে, গ্ৰন্থই মানুহৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ পশ্চিমীয়া দেশবোৰত চিকিৎসকে ৰোগীৰ নিদান পত্ৰ লিখোঁতে লগত এখন গ্ৰন্থৰ নামো উল্লেখ কৰে বুলি কাকতিয়ে সভাত বক্তব্য প্ৰদান কৰে ৷
কাকতিয়ে পুনৰ কয় যে, ইন্টাৰনেট তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰন্থৰ কেতিয়াও মৃত্যু নহয় । গ্ৰন্থৰ এখন সুকীয়া জগত আছে । গ্ৰন্থ অধ্যয়নে মানুহৰ মনলৈ কঢ়িয়াই আনে ঐশ্বৰিক সুখ (Morigaon Book Fair concluded) ৷ লগতে ই একোটা জাতিক জাতীয়তাবোধেৰে জীয়াই থকাৰ অনুপ্ৰেৰণা যোগায় বুলিও উল্লেখ কৰে অৱসৰপ্ৰাপ্ত উপায়ুক্তগৰাকীয়ে ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক জগদীশ নাথৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ "জোনবিল" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰমোহন কাকতিয়ে ৷ মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মুনিন মহন্তই ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গ্ৰন্থই কেনেদৰে প্ৰভাৱ পেলায় তাৰ ওপৰত বিস্তৃতভাৱে সভাখনত আলোকপাত কৰে । অসম সাহিত্য নৱ নিৰ্বাচিত সভাপতি পদ্মশ্ৰী ড৹ সূৰ্য হাজৰিকাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও বিশিষ্ট কবি সাহিত্যিকে মৰিগাঁও গ্ৰন্থমেলাত উন্মোচন কৰিলে কুৰিখনতকৈ অধিক গ্ৰন্থ (Surjya Kanta Hazarika)।
একেদৰে ৰাজ্যৰ আগশাৰীৰ লেখক, সাহিত্যিক মিলেশ্বৰ পাটৰে গ্ৰন্থ আৰু গ্ৰন্থমেলা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, শৰীৰৰ পৰিপুষ্টিৰ বাবে বিভিন্ন সুষম তথা পৰিপুষ্টিযুক্ত আহাৰ গ্ৰহণ কৰাটো যেনেদৰে প্ৰয়োজন ঠিক তেনেদৰে আমাৰ মানসিক তথা বৌদ্ধিক পৰিপুষ্টিৰ বাবে গ্ৰন্থৰ বিকল্প নাই । সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত তথা গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি দেৱাশীষ শৰ্মাই (DC of morigaon Debasish Sarma) ৷ গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক জগদীশ নাথে ৷
গ্ৰন্থ মেলা প্ৰাংগণত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ৷ ইয়াৰোপৰি নিজৰ পছন্দৰ গ্ৰন্থখন বিচাৰি যথেষ্ঠ সংখ্যক গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয় মৰিগাঁও গ্ৰন্থমেলা প্ৰাংগণত ৷
লগতে পঢ়ক : Superstition in Guwahati: শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক, জ্যোতিষীক