মৰিগাঁও, 10 আগষ্টঃৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে মৰিগাঁৱতো সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী মানৱ শৃংখল প্ৰদৰ্শন কৰে মৰিগাঁও জিলা আছুৰ কৰ্মকৰ্তা সকলে ৷
ইফালে ছাত্ৰ সন্থাৰ প্ৰতিবাদত মুখৰিত হ'ল মৰিগাঁৱৰ চহৰৰ পৰিৱেশ । আহ ঐ আহ ওলাই আহ , 'কা' আমি নামানো, নৰেন্দ্ৰ মোডী হায়,হায়, সৰ্বানন্দ সোণোৱাল গ' বেক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।