মৰিগাঁও,19 মাৰ্চ:বৃহস্পতিবাৰে সন্ধিয়া মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ লগতে মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ সৈতে এখন সভাত মিলিত হয় ৷ জিলাখনৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সকলে বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী বিধিৰ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়াৰ লগতে প্ৰতিটো নিয়ম মানি চলাৰ বাবে আহ্বান জনায় ৷
মৰিগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক - ASSAM ELECTION MEETING
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ লগতে মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ সৈতে এখন সভাত মিলিত হয় ৷ জিলাখনৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সকলে বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী বিধিৰ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়াৰ লগতে প্ৰতিটো নিয়ম মানি চলাৰ বাবে আহ্বান জনায় ৷
মৰিগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক
এই সভাত পৰ্যবেক্ষক দিপাঙ্কৰ চৌধুৰী, ড৹ কৈলাশ সিন্দে আৰু আৰক্ষী পৰ্যবেক্ষক ড৹ জয় বসন্ত ৰাওৰ লগতে অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, হানিফ নুৰানী, অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া প্ৰমুখ্যে সহ-আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷