অসম

assam

অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন

By

Published : Apr 23, 2021, 9:49 AM IST

বৃহস্পতিবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ সভাপতিত্বত ২ মে’ত অনুষ্ঠিত হ’ব লগীয়া ভোট গণনাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এক বিশেষ সভা ৷

অসম বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন
অসম বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন

মৰিগাঁও, 23 এপ্ৰিল : ২মে’ত ঘোষণা হ’ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ৷ যাৰ বাবে মৰিগাঁও জিলাৰ তিনি বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন । বৃহস্পতিবাৰে ভোট গণনাৰ সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰে এক গুৰুত্বপূৰ্ণ সভাৰ ৷ মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ সভাপতিত্বত ২মে’ত অনুষ্ঠিত হ’ব লগীয়া ভোট গণনাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই সভা ৷

এই সভাত অসম বিধানসভা নিৰ্বাচন ২০২১ৰ বাবে ৭৯নং জাগীৰোড বিধানসভা সমষ্টি, ৮০নং মৰিগাঁও বিধানসভা সমষ্টি আৰু ৮১নং লাহৰীঘাট বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী তথা ৰাজনৈতিক দলৰ প্ৰতিনিধি সকল উপস্থিত থাকে ৷ মে’ মাহৰ ২ তাৰিখে হ’ব লগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনে কেনে ধৰণৰ প্ৰস্তুতি চলাইছে সেই কথা অৱগত কৰাৰ উদ্দশ্যে এই সভা খন অনুষ্ঠিত কৰা হয় ।

জানিব পৰা মতে, ভোট গণনা কেন্দ্ৰ হিচাপে স্থাপন কৰা মৰিগাঁও মহাবিদ্যালয়ত জাগীৰোড বিধানসভা সমষ্টিৰ বাবে তিনিটা হলত ৭ খনকৈ মুঠ ২১ খন টেবুল, মৰিগাঁও বিধান সভা সমষ্টি বাবে তিনিটা হলত ৭ খনকৈ টেবুল মুঠ ২১ খন আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে ২ টা হলত ১৭ খনকৈ টেবুল ভোট গণনাৰ বাবে সাজু কৰা হৈছে । ইয়াৰোপৰি প’ষ্টেল বেলটযোগে প্ৰদান কৰা ভোট সমূহ গণনাৰ বাবে ২ খন টেবুল ৰখা হৈছে বুলি এই সভাৰ যোগে অৱগত কৰে মৰিগাঁও জিলা প্ৰশাসনে ।

এই সভাতেই অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানীয়ে সমগ্ৰ ভোট গণনাৰ প্ৰস্তুতি বিষয়ে বাখ্যা কৰাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে ষ্ট্ৰং ৰূমৰ ইভিএম উলিওৱাৰ বিষয়ৰ লগতে অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাই ভোট গণনাৰ দিনা মানিব লগীয়া ক’ভিড প্ৰ’ট’কল সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়ে । এই সভাত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, নিৰ্বাচন বিষয়া দীপময় ঠাকুৰীয়া, সহকাৰী আয়ুক্তদ্বয় আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল ।

লগতে পঢ়ক:ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details