অসম

assam

By

Published : Sep 22, 2019, 4:33 PM IST

Updated : Sep 22, 2019, 11:43 PM IST

ETV Bharat / state

ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

মৰিগাঁৱত দ্ৰুতবেগী ডাম্ফাৰে মহতিয়ালে বাইক আৰোহীক । ঘটনাস্থলীতে নিহত আমিনুল হক নামৰ এজন বাইক আৰোহী ৷

ডাম্ফাৰৰ খুন্দাত নিহত বাইক আৰোহী

মৰিগাঁও, 22 ছেপ্টেম্বৰঃ মৰিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংৰ্ঘষ ৷ ফলত থিতাতে নিহত এজন বাইক আৰোহী ৷ দেওবাৰে মৰিগাঁও থানাৰ অন্তৰ্গত দলবাৰী-তেলাহী সংযোগী পথত AS 01HC 9445 নম্বৰৰ ডাম্পাৰ আৰু AS 21G 2945 নম্বৰৰ বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ ফলত মৰিগাঁৱৰ জালুগুটি ৰহধলাৰ আমিনুল হক (23) নামৰ যুৱকজনৰ থিতাতে নিহত হয় ৷

ডাম্ফাৰৰ খুন্দাত নিহত বাইক আৰোহী

দুৰ্ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ৰাইজৰ উত্থাপিত অভিযোগ মতে উক্ত পথছোৱাত একাংশ চালকে দ্ৰুতগতিত গধুৰ যানবাহান চলোৱাৰ বাবেই সঘনাই সংঘটিত হৈছে শোকাৱহ ঘটনা । কিন্তু জিলা যানবাহান আৰক্ষীয়ে আজি লৈকে একো সু-ব্যৱস্থা গ্ৰহণ কৰা নাই ।

নিহত বাইক আৰোহী

সেয়েহে জিলা প্ৰশাসন ওচৰত অঞ্চলটো ৰাইজৰ দাবী অতি শীঘ্ৰেই নাকী লগাওক যানবাহানৰ আইন উলংঘা কৰা চালকক ৷

Last Updated : Sep 22, 2019, 11:43 PM IST

ABOUT THE AUTHOR

...view details