অসম

assam

ETV Bharat / state

বাৰিষাক লৈ শংকাত লাহৰীঘাটৰ পলাশগুৰিবাসী - মৰিগাঁও

আপোন ঘৰখন এৰি যাবলৈ গাঁওখনৰ বহুতেই বান্ধিছে টালি-টোপোলা ৷ গৰাখহনীয়াই জুৰুলা কৰা গাঁওখনত এতিয়া বহু লোকৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷

বাৰিষাক লৈ শংকাত পলাশগুৰিবাসীৰ

By

Published : Mar 14, 2019, 6:11 AM IST

মৰিগাঁও, 14 মাৰ্চ : আপোন ঘৰখন এৰি যোৱা অথবা আপোন ঘৰখন নিজ হাতেৰে ভাঙিবলগীয়া হোৱাটো কিমান কষ্টকৰ সেয়া সকলোৰে সহজে অনুমেয় ৷ কিন্তু এনে ঘটনাই সংঘটিত হৈছে মৰিগাঁৱৰ লাহৰীঘাটৰ পলাশগুৰিত ৷

বাৰিষাক লৈ শংকাত পলাশগুৰিবাসীৰ
সমাগত বাৰিষাক লৈ শংকাত দিন কটাবলগীয়া হৈছে পলাশগুৰিবাসীয়ে ৷ কিয়নো গৰাখহনীয়াই জুৰুলা কৰা গাঁওখনত এতিয়া বহু লোকৰ ঘৰ-বাৰী ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ সেয়েহে আগন্তুক বাৰিষাত ঘৰ-মাটি নৈৰ বুকুত জাহ যোৱাৰ পূৰ্বেই আপোন ঘৰখন নিজ হাতেৰেই ভাঙি স্থানান্তৰিত হ'বলৈ ধৰিছে বহুতো পৰিয়ালে ৷ ইপিনে গৰাখহনীয়া ৰোধৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিপৰ্যন্ত কাৰ্যক্ষেত্ৰত পৰিণত নহ'ল মু্খ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ জলসম্পদ আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ হাতত শ শ কোটি টকা জমা হৈ থকাৰ পাচতো গাঁওখনত খহনীয়া ৰোধৰ ক্ষেত্ৰত ব'ৰ্ডে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছেগাঁওবাসীয়ে৷

ABOUT THE AUTHOR

...view details