অসম

assam

ETV Bharat / state

এন আৰ চিৰ নামত ষড়যন্ত্ৰ চলিছে: আমিনুল ইছলাম - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী

এন আৰ চিৰ নামত ষড়যন্ত্ৰ চলিছে ৷ এই ষড়যন্ত্ৰৰ আঁৰত জড়িত আছে একাংশ দল-সংগঠন ৷ লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ

এন আৰ চিৰ নামত ষড়যন্ত্ৰ চলিছে

By

Published : May 13, 2019, 9:54 PM IST

মৰিগাঁও,13 মে': এন আৰ চিৰ নামত ৰাজ্যত চলিছে ষড়যন্ত্ৰ ৷ এই ষড়যন্ত্ৰৰ আঁৰত আছে একাংশ দল-সংগঠন ৷ উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া তাৰিখৰ পাচতো এন আৰ চিৰ আপত্তিৰ আবেদন গ্ৰহণ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷ সোমবাৰে লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ ৷

এন আৰ চিৰ নামত ষড়যন্ত্ৰ চলিছে

ৰাজ্যজুৰি এন আৰ চিৰ আপত্তিক লৈ আমছুৱে প্ৰতিবাদ কৰি থকাৰ সময়তে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰণ,ভুৱা আপত্তিৰে এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবীত লাহৰীঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এ আই ইউ ডি এফ দলে। লাহৰীঘাট বজাৰৰ পৰা সমদল কৰি লাহৰীঘাট ৰাজহ চক্ৰলৈ উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷

ABOUT THE AUTHOR

...view details