অসম

assam

By

Published : Mar 12, 2020, 7:45 AM IST

ETV Bharat / state

সদৌ তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধ প্ৰত্যাহাৰ

ৰাভাহাছং স্বায়ত্ব পৰিষদ এলেকাৰ পৰা মহানগৰ সম্প্ৰসাৰণ আইন বাতিল কৰাৰ বিপৰীতে তিৱা স্বায়ত্ব পৰিষদ এলেকাত আইনখন কাৰ্যকৰী কৰিবলৈ বিচাৰিছিল অসম চৰকাৰে ৷ ইয়াৰ প্ৰতিবাদতেই সদৌ তিৱা ছাত্ৰ সন্থা,তিৱা সুৰক্ষা সমিতি ,তিৱা যুৱ ছাত্ৰ পৰিষদ,তিৱা মহিলা কল্যাণ সমিতি, তিৱা সাংস্কৃতিক সমাজকে ধৰি ছয় সংগঠনে ক্ৰমে ১২ মাৰ্চত ২৪ ঘণ্টীয়া আৰু ২০ মাৰ্চত ৩৬ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহবান জনাইছিল ৷

Middle Assam Bandh has been withdrawn by Tiwa Student Union
সদৌ তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধ প্ৰত্যাহাৰ

মৰিগাঁও,12 ফেব্ৰুৱাৰীঃ তিৱা স্বায়ত্ব পৰিষদ এলেকাত মহানগৰ সম্প্ৰসাৰণ আইন বাতিল নকৰাৰ প্ৰতিবাদত 12 আৰু 20 মাৰ্চত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত তিৱা জাতীয় সংগঠনসমূহে ঘোষণা কৰিছিল মধ্য অসম বন্ধ ৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পিছতেই এই বন্ধ প্ৰত্যাহৰ কৰে সংগঠনকেইটাই ৷ উল্লেখ্য যে, ৰাভাহাছং স্বায়ত্ব পৰিষদৰ এলেকাৰ পৰা মহানগৰ সম্প্ৰসাৰণ আইন বাতিল কৰাৰ বিপৰীতে তিৱা স্বায়ত্ব পৰিষদ এলেকাত আইনখন কাৰ্যকৰী কৰিবলৈ বিচাৰিছিল অসম চৰকাৰে ৷ ইয়াৰ প্ৰতিবাদতেই সদৌ তিৱা ছাত্ৰ সন্থা,তিৱা সুৰক্ষা সমিতি ,তিৱা যুৱ ছাত্ৰ পৰিষদ,তিৱা মহিলা কল্যাণ সমিতি, তিৱা সাংস্কৃতিক সমাজকে ধৰি ছয় সংগঠনে ক্ৰমে ১২ মাৰ্চত ২৪ ঘণ্টীয়া আৰু ২০ মাৰ্চত ৩৬ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহবান জনাইছিল ৷ আনহাতে,১২মাৰ্চত ৰাজ্যপাল জগদীশ মুখীয়ে মৰিগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰো কথা আছিল ৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই বন্ধ প্ৰত্যাহাৰ কৰাৰ কথা ব্যক্ত কৰে সংগঠনকেইটাই ৷

সদৌ তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধ প্ৰত্যাহাৰ

ABOUT THE AUTHOR

...view details