জাগীৰোডত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ - সোণাইকুছি সংৰক্ষিত বনাঞ্চল
খৰি কাটিবলৈ গৈ এগৰাকী মহিলাই বনাঞ্চলৰ পৰা লৈ আহিছিল বাঘৰ পোৱালাটো ৷ বন বিভাগৰ লোকে নাহৰফুটুকীৰ পোৱালীটোক পুনৰ বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
জাগীৰোডত নাহৰ ফুটুকীৰ পোৱালী উদ্ধাৰ
জাগীৰোড, 25 এপ্ৰিলঃ সোমবাৰে জাগীৰোডৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চল এলেকাত উদ্ধাৰ কৰা হয় এটা নাহৰ ফুটুকীৰ পোৱালী ৷ উক্ত বনাঞ্চলত খৰিকাটিব গৈ এগৰাকী মহিলাই লৈ ববনাঞ্চল খনৰ পৰা লৈ আহিছিল উক্ত পোৱালিটো ৷ পাচত স্থানীয় ৰাইজে খবৰ পাই পোৱালিটো উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ৷ বন বিভাগৰ লোকে নাহৰফুটুকীৰ পোৱালীটোক ইতিমধ্যে পুনৰ বনাঞ্চলত এৰি দিয়ে ৷