অসম

assam

By

Published : Mar 3, 2022, 2:19 PM IST

ETV Bharat / state

এক ফুল দ’ মালি, ভয়ংকৰ পৰিণতি...

ত্ৰিকোণীয়া প্ৰেমৰ কাল ৰূপ (Triangle Love story) ৷ ত্ৰিকোণীয়া প্ৰেম কৰি আৰক্ষীৰ জালত পৰিল মৰিগাঁৱৰ এগৰাকী যুৱতী ৷ সবিশেষ আমাৰ এই প্ৰতিবেদনত...

Triangle Love story
ত্ৰিকোণীয়া প্ৰেমৰ কাল ৰূপ

মৰিগাঁও, 3 মাৰ্চ : বহুতেই কয়, প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ সঁচা প্ৰেমত নাথাকে মিছা অভিযোগৰ ভঁৰাল ৷ কিন্তু সঁচা প্ৰেমৰ পৰীক্ষা দিবলৈ যোৱাই কাল হ’ল ফাইজুৰৰ ৷

ঘটনাৰ স্থান মৰিগাঁও ৷ বিগত 26 ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল লাহৰীঘাটৰ দেৱাগুৰি গাঁৱৰ ফাইজুৰ ৰহমান ওৰফে ৰাবুল হুছেইন ৷ ৰাবুলৰ কোনো শুং-সূত্ৰ নাপাই পৰিয়ালৰ লোকে কাষ চাপিছিল আৰক্ষীৰ ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে মৰিগাঁৱৰ এগৰাকী যুৱতীক ৷

ত্ৰিকোণীয়া প্ৰেমৰ কাল ৰূপ

আৰক্ষীৰ জেৰাত আটকাধীন যুৱতীগৰাকীয়ে ফাইজুৰ ৰহমান ওৰফে ৰাবুল হুছেইনক হত্যা কৰাৰ কথা সদৰি কৰে (Jilted lover killed by Morigaon) ৷ আটকাধীন যুৱতীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বুধবাৰে নিশাই লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ লগতে CRPF, SDRF, COMMANDO ৰ এটা বৃহৎ পাতিদৈয়া দুইখুঁতি বিলত নামে উদ্ধাৰ অভিযানত ৷ আনকি নিশাই পাতিদৈয়া বিলৰ পাৰত উপস্থিত হয় অঞ্চলটোৰ ৰাইজ ।

এই সন্দৰ্ভত স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, আটকাধীন যুৱতীৰ সৈতে মৃত ফাইজুৰৰ আছিল প্ৰেমৰ সম্পৰ্ক । কেৱল ফাইজুৰেই নহয়, যুৱতীগৰাকীৰ আছিল আনিচুৰ ৰহমান নামৰ আৰু এজন প্ৰেমিক (Triangle Love story) ৷ প্ৰেমৰ গইনাৰে আটকাধীন যুৱতীগৰাকীয়ে প্ৰেমিক আনিচুৰ ৰহমানৰ সৈতে মিলি পৰিকল্পিতভাৱে হত্যা কৰে প্ৰথম প্ৰেমিক ফাইজুৰক ৷

তাৰ পাচতেই ফাইজুৰৰ মৃতদেহ পাতিদৈয়া বিলত পেলাই দিছিল ৷ ইফালে লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই আনিচুৰ ৰহমান ৷ এই হত্যাকাণ্ডৰ লগত জড়িত আনিচুৰ ৰহমানৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক :Immortal Love Story: এইখন অসমৰে এক অমৰ প্ৰেমগাঁথা

ABOUT THE AUTHOR

...view details