জাগীৰোড,18 এপ্ৰিলঃ ৩৮ মাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ একাংশ কৰ্মচাৰী কেনেকৈ চলিছে কি খাইছে ৰাজনৈতিক নেতাৰ হাতোৰাত বন্দী এটা বৃহৎ উদ্যোগ ৷ জাগীৰোড কাগজ কলৰ কথা হয়তো আপোনাক দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ যোৱা 38 টা মাহ ধৰি দৰমহা নোপোৱা জাগীৰোড কাগজ কলৰ কৰ্মচাৰী সকলৰ অৱস্থা এতিয়া কাগজ কলটোৰ দৰেই জৰাজীৰ্ণ হৈ পৰিছে ৷ নেতা মন্ত্ৰীৰ ফোপোলা আস্বাস আৰু প্ৰতিশ্ৰুতিৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি লক ডাউনে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে জাগীৰোড কাগজ কলৰ শ শ কৰ্মচাৰীৰ৷ প্ৰথম পৰ্যায়ৰ লক ডাউনৰ সময়ত নাজল নাথল অৱস্থা হোৱা কৰ্মচাৰী সকলৰ বহুতেই নিৰ্ভৰ কৰিবলগা হৈছে সাহাৰ্যৰ ওপৰত ৷
উল্লেখ্য যে,প্ৰথম পৰ্যায়ৰ লক ডাউনৰ সময়ত মৰিগাঁও জিলা উপায়ুক্তই নগণ্য পৰিমাণৰ সাহাৰ্য প্ৰদান কৰিছিল যদিও স্থানীয় বিধায়ক আৰু সাংসদে পাহৰিলে কাগজ কলটোৰ কৰ্মচাৰী সকলৰ কথা । বিগত 38 মাহে তলাবন্ধ হৈ থকা কাগজ কলটোৰ কৰ্মচাৰী সকল দুবেলা দুমুঠিৰ বাবে নিৰ্ভৰ কৰিব লগা হৈছে সংকটৰ সময়ত সাহাৰ্য প্ৰদান কৰা সকলৰ ওপৰত। এসময়ৰ মোটা অংকৰ দৰমহা লাভ কৰা কাগজ কলৰ কৰ্মচাৰী সকল ঘৰৰ চৌকা জ্বলে আনৰ সাহাৰ্যৰে ৷