অসম

assam

ETV Bharat / state

সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় : জগদীশ ভূঞা - অসম জাতীয় পৰিষদ

যিজন ব্যক্তি জাতিৰ সংকটৰ কালত জাতিৰ লগত নাথাকে তেওঁ কেতিয়াও জাতীয়তাবাদী হ’ব নোৱাৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় বুলি মন্তব্য জগদীশ ভূঞাৰ ৷

regional party
regional party

By

Published : Nov 6, 2020, 11:11 AM IST

মৰিগাঁও, 6 নবেম্বৰ : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰষত গঠন হোৱা অসম জাতীয় পৰিষদ ৷ নৱ গঠিত আঞ্চলিক দলটোৱে অসমৰ 126 টা সমষ্টিতে প্ৰাৰ্থী ঠিয় কৰোৱাৰ বাবে ঠিৰাং কৰিছে ৷ অৱশ্যে এতিয়াও এই ক্ষেত্ৰত বহুখিনি কাম বাকী আছে ৷ মৰিগাঁৱত এই কথা প্ৰকাশ কৰে দলৰ আহ্বায়ক তথা প্ৰাক্তন অগপ নেতা জগদীশ ভূঞাই ৷

তেওঁ কয় যে, অসম জতীয় পৰিষদে এতিয়াও পূৰ্ণাংগ ৰূপ ল’বলৈ বাকী আছে। শদিয়াৰ পৰা ধুবুৰীলৈ অব্যাহত আছে সাংগঠনিক কাম-কাজ । জিলা, সমষ্টি, আঞ্চলিক সমিতিও গঠন হৈ আছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত । আগন্তুক 2021 চনৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ নেতৃত্ব আন আন আঞ্চলিকতাবাদী দলৰ সহযোগত অসমত এখন আঞ্চলিকতাবাদী চৰকাৰৰ হ’ব বুলি আশাবাদী ভূঞা । ইয়াৰ লগতে তেওঁ কয় যে, ‘‘ৰাইজৰ পৰা অভাৱনীয় সহাৰি লাভ কৰিছোঁ । এইয়া আমাৰ গভীৰ আত্মপ্ৰত্যয় আৰু গভীৰ আত্মবিশ্বাসৰ সৈতে কৈছোঁ । অসমৰ ৰাজনীতি ক্ষেত্ৰখনৰ যি বাস্তৱ ছবি আমি দেখি আছো, আমি জানোঁ যে, অসম জাতীয় পৰিষদৰ নেতৃত্বত আঞ্চলিক দলেই চৰকাৰ গঠন কৰিব’’ ।

সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় : জগদীশ ভূঞা
শেহতীয়া ৰাজনৈতিক দৃশ্য পটৰ ওপৰত ভিত্তি কৰি মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত দলে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে আহ্বায়ক গৰাকীয়ে ৷ তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী হয় নে নহয় বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ভূঞাই কয় যে, যিজন ব্যক্তি জাতিৰ সংকট কালত জাতিৰ লগত নাথাকে সেইজন কেতিয়াও জাতীয়তাবাদী নেতা হ’ব নোৱাৰে । তেওঁ ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী নেতাহে ।

লগতে পঢ়ক :নাগ্ৰীজুলিত সুৰামত্ত এজনে হত্যা কৰিলে পত্নীক

ABOUT THE AUTHOR

...view details