অসম

assam

ETV Bharat / state

মহামাৰীৰ সময়তে স্বাৱলম্বিতাৰ পথ দেখুৱালে মৰিগাঁৱৰ এজন যুৱকে

মহামাৰীৰ সময়ত কৰ্মসংস্থাপন হেৰুৱাইছে বহুজনে ৷ তেনে সময়তে নতুন পথৰ সন্ধান কৰি ব্যৱসায় কৰা মৰিগাঁৱৰ এজন যুৱকে নিজৰ লগতে স্বাৱলম্বিতাৰ পথ দেখুৱালে আন একাংশকো ৷

By

Published : May 27, 2021, 11:53 AM IST

innovative  business done during ongoing pandemic
মহামাৰীৰ সময়তে স্বাৱলম্বিতাৰ পথ দেখুৱালে মৰিগাঁৱৰ এজন যুৱকে

মৰিগাঁও, 27 মে’: বৰ্ধিত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড নীতিৰ পালন কৰা দেখা গৈছে ৰাজ্যবাসীক । কিন্তু, এই সময়তে হ্ৰাস পাইছে ৰাইজৰ ব্যক্তিগত উপাৰ্জন, বহুলোকে হেৰুৱাইছে কৰ্ম সংস্থাপন।

আনহাতে, ক'ভিডে বৰ্তমান সমাজত নিৰাশাৰ বাতাবৰণ বিস্তাৰ কৰাৰ সময়তে, কিছু ব্যক্তিয়ে সন্ধান কৰি উলিয়াইছে জীৱিকাৰ বহু নতুন পথ । তেনে এটা কামেই কৰি দেখুৱালে মৰিগাঁৱৰ জাগী বৰভেটী গাঁৱৰ মনোজ ভূঞা নামৰ এজন শিক্ষিত যুৱকে ।

মহামাৰীৰ সময়তে স্বাৱলম্বিতাৰ পথ দেখুৱালে মৰিগাঁৱৰ এজন যুৱকে

গোলাঘাট জিলাৰ পৰা বাঁহৰে তৈয়াৰী বাঢ়নী ক্ৰয় কৰি আনি কেইজন মান স্থানীয় যুৱকৰ দ্বাৰা সেই বাঢ়নী খিনিকে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাবলৈ পুনৰ নতুন ৰূপত সজাই মূল্যায়ন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে মনোজে ।

ইয়াৰ লগতে এতিয়া, স্থানীয় কেইবাগৰাকীও যুৱকক আৰ্থিক ভাবে সকাহ দিবলৈকো সক্ষম হোৱা বুলি জনাই আনন্দ প্ৰকাশ কৰে যুৱকজনে । মনোজ ভূঞাৰ এনে কৰ্ম আন যুৱক সকলৰ বাবে নিশ্চয়কৈ প্ৰেৰণাদায়ক। ইফালে,মৰিগাঁও জিলাত বহু পৰিমাণে বাঁহ উপলব্ধ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত এটা এনেজাতীয় ক্ষুদ্ৰ উদ্যোগ গঢ়াৰো আশা পুহি ৰাখিছে বুলি জনায় যুৱক জনে ৷
লগতে পঢ়ক:পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details