মৰিগাঁও, 2 জুলাই: শনিবাৰে মৰিগাঁও জিলা পশু চিকিৎসা আৰু পশুপালন বিভাগৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ভ্ৰাম্যমাণ পশু চিকিৎসালয় বাহন মুকলি মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাৰ ৷ এতিয়াৰে পৰা 1962 নম্বৰত ফোন কৰিলেই মৰিগাঁৱৰ পশুপালক সকলৰ পদূলিত উপস্থিত হ’ব ভ্ৰাম্যমাণ পশুধন সাৰথি ৷ মৰিগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতিয়ে আঁত ধৰা এই অনুষ্ঠানত ফ্লেগ অফ কৰি ভ্ৰাম্যমাণ পশু চিকিৎসালয় বাহনৰ উদ্ধোধন কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷
এই কাৰ্যসূচীৰ দ্বাৰা জিলাখনৰ জাগীৰোড, মায়ং, ঝাৰগাঁও, লাহৰীঘাট, চৰাইবাহী এই পাঁচটা এলেকাত পশুক চিকিৎসা সেৱা আগবঢ়োৱাৰ ওপৰিও শনিবাৰে জিলাখনৰ জাগীৰোডতো প্ৰথমখন ভ্ৰাম্যমাণ পশু চিকিৎসাৰ বাহন মুকলি কৰা হয় ৷ এই পশু চিকিৎসাৰ বাহন মুকলি কৰি জিলা আয়ুক্ত দেবাশীষ শৰ্মাই কয় যে, এই পশু চিকিৎসাৰ জৰিয়তে জিলাখনৰ পশুপালক সকল যথেষ্ট উপকৃত হ'ব ৷ লগতে জিলাখনত পশু চিকিৎসাৰ ক্ষেত্ৰখন যথেষ্ট উন্নত হ’ব বুলি মন্তব্য কৰে জিলা আয়ুক্ত গৰাকীয়ে ৷