অসম

assam

ETV Bharat / state

ৰাজ্যত চলিছে মানৱ দেহৰ অংগৰ ভয়ংকৰ বেহা - গাঁওৰক্ষী বাহিনী

দেওবাৰে মৰিগাঁৱত পোহৰলৈ আহিছে এক স্বাঞ্চল্যকৰ ঘটনা ৷ দীৰ্ঘ দিন ধৰি মানৱ দেহৰ অংগৰ বেহা চলাই অহা বেপাৰীৰ বিৰুদ্ধে অৱশেষত কিডনী দি মূল্য লাভৰ পৰা বঞ্চিত হোৱাত এজন দুৰ্ভগীয়া লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হ’ল এই ব্যৱসায়ৰ সৈতে জড়িত এগৰাকী মাষ্টৰ মাইণ্ড ।

illegal-organ-trader-caught-in-morigaon
মৰিগাঁৱত ফাণ্ডত পৰিল মানৱ দেহৰ অংগ সৰবৰাহকাৰী মহিলা

By

Published : Jul 11, 2021, 11:11 PM IST

Updated : Jul 12, 2021, 12:38 PM IST

মৰিগাঁও, 11 জুলাই :মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত দীৰ্ঘদিন ধৰি মানৱ দেহৰ অংগৰ বেহা(illegal organ trade) চলাই নিয়া মাষ্টৰ মাইণ্ড(master mind) পৰিল ৰাইজৰ ৰোষত । কথাৰে ফুচুলাই দ্ৰৰিদ্ৰ লোকক কলিকতালৈ নি মানৱদেহৰ অংগ বিক্ৰী কৰি আহিছিল ধৃত মহিলা গৰাকীয়ে । তেওঁৰ সৈতে মিলি নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰি ঘৰ চলাইছে বহু দ্ৰৰিদ্ৰ লোকে ৷ পৰিয়ালৰ লোকৰ চিকিৎসা ব্যয় বহন কৰিবলৈ বাধ্যত পৰিও শৰীৰৰ অংগ বিক্ৰী কৰি আহিছে বহুজনে ৷

অৱশেষত, 5-6 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতিত অংগ বিক্ৰী কৰাৰ পাছত বন্দবস্ত কৰা মূল্য নাপাই এজন ভুক্তভোগী কিডনী বিক্ৰেতা(kidney seller)ই এই কথা পোহৰলৈ আনে । ইয়াৰ পিছতেই একেধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহে মৰিগাঁও জিলাৰ নেলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ধৰমতুল গাঁৱত । উত্থাপিত অভিযোগ মতে, এগৰাকী মহিলাৰ নেতৃত্বত বহু দিনৰ পৰা চলি আছে মানৱ দেহৰ অংগৰ ব্যৱসায় ৷

মৰিগাঁৱত ফাণ্ডত পৰিল মানৱ দেহৰ অংগ সৰবৰাহকাৰী মহিলা

একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰি লয় এই চক্ৰটোৱে ৷ কেইবা লাখ টকাৰ প্ৰলোভন দি বচা বচা একাংশ দ্ৰৰিদ্ৰ লোকক কিডনী বিক্ৰী কৰিবলৈ সন্মত কৰাই এজেন্ট তথা দালাল চক্ৰই ৷ মৰিগাঁও দক্ষিণ ধৰমতুলৰ একাংশ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত দেওবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত মাষ্টাৰ মাইণ্ড লিলিমাই বড়োক নেলী আৰক্ষীয়ে অটক কৰিবলৈ সক্ষম হয় ।

স্বাঞ্চল্যকৰ বিষয় যে, সমগ্ৰ অসমত দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকক জালত পেলাই আহিছে গুৱাহাটী মহানগৰৰ লখৰাৰ বাসিন্দাৰ লিলিমাই বড়োৱে ৷ দেওবাৰে কেইবাগৰাকী লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজ তথা মহিলা গাঁওৰক্ষী বাহিনীৰ ফাণ্ডত পৰে মহিলা গৰাকী ৷ এখন বিলাসী বাহনত অহা মহিলাগৰাকীৰ পৰা ভিডিপি(VDP)য়ে চেক বুক(Checkbook) আৰু নগদ 41000/- টকা উদ্ধাৰ কৰে ৷

পাছত মহিলাগৰাকীক ৰাইজে নেলী আৰক্ষীৰ হাতত গতাই দিয়ে ৷ ঘটনা সন্দৰ্ভত নেলী আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত ৷ মানৱ দেহৰ এনে অংগ ব্যৱসায়ী চক্ৰ বোৰৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক :এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা

Last Updated : Jul 12, 2021, 12:38 PM IST

ABOUT THE AUTHOR

...view details