অসম

assam

ETV Bharat / state

জাগীৰোডত 11খন আঁচনি আধাৰশিলা স্থাপন - অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে জাগীৰোড বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তত 11 খনকৈ আঁচনিৰ কাম শুভাৰম্ভ কৰা হয় ৷

জাগীৰোডত 11খন আঁচনি আধাৰশিলা স্থাপন
জাগীৰোডত 11খন আঁচনি আধাৰশিলা স্থাপন

By

Published : Feb 27, 2021, 6:51 AM IST

মৰিগাঁও,27 ফেব্ৰুৱাৰীঃ অৱশেষত বহু অপেক্ষাৰ অন্তত নিৰ্বাচনী আয়োগে শুকুৰবাৰে ঘোষণা কৰিলে অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ৷ যাক লৈ এতিয়া ৰাজনৈতিক দল-সংগঠন সমূহৰ মাজতো সৃষ্টি হৈছে ব্যাপক তৎপৰতা ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাজনৈতিক নেতা-কৰ্মী ব্যস্ত হৈ পৰিছিল বিভিন্ন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন আৰু বিভিন্ন আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত ৷

জাগীৰোডত 11খন আঁচনি আধাৰশিলা স্থাপন

নিৰ্বাচন আয়োগৰ নিৰ্বাচনী আচৰণ বিধি ঘোষণা কৰাৰ পূৰ্বে শুকুৰবাৰে মৰিগাঁৱৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত 11 খনকৈ আঁচনিৰ কাম হাতত লোৱা হৈছে ৷ জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত এই আঁচনি সমূহ শুভাৰম্ভ কৰে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি গৰাকীয়ে ৷

জাগীৰোডত 11খন আঁচনি আধাৰশিলা স্থাপন

ৰাজ্যত ঢৌ উঠিছিল বিভিন্ন আধাৰশিলা স্থাপন আৰু আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠানৰ ৷ এই অনুষ্ঠান সমূহে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’লে কিমান ফলপ্ৰসূ হ’ব, সেয়া সময়তহে নিশ্চিত হ’ব ৷

লগতে পঢ়কঃদিছপুৰ কাৰ?...অপেক্ষা 2 মে'লৈ !

ABOUT THE AUTHOR

...view details