মৰিগাঁও,২২ ফেব্ৰুৱাৰী :মৰিগাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । নিজ ভাতৃৰ যৌন নিৰ্যাতনৰ বলি হ'ল ভগ্নী । আনকি অন্তঃসত্ত্বাও হয় যুৱতীগৰাকী ।সোমবাৰে মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে এই গোচৰ সম্পৰ্কত এক ঐতিহাসিক ৰায় প্ৰদান কৰে (Historic verdict of Morigaon Additional Sessions Judge Court)।
ৰোপন দেউৰী নামৰ অভিযুক্তজনৰ বিৰুদ্ধে আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে । অভিযোগ অনুসৰি পত্নী থকাৰ পাছতো ৰোপন দেউৰীয়ে নিজৰ ভনীয়েকৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল । ফলস্বৰূপে অন্তঃসত্ত্বা হৈছিল ভনীয়েক । এই সন্দৰ্ভত চৰকাৰী অধিবক্তা অজিত কুমাৰ বিষয়াই সংবাদ মাধ্যমৰ আগত সমগ্ৰ গোচৰটো সম্পৰ্কে অৱগত কৰে ।