মৰিগাঁও, 10 ছেপ্টেম্বৰ:মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত যুৱ সন্মিলন 2.0 ৰ সামৰণি পৰে শনিবাৰে । এই যুৱ সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । চাকৰিমুখী মানসিকতাৰ পৰিৱৰ্তে কামৰ সৰু-বৰ বিচাৰ নকৰি নিয়োগ সৃষ্টিৰ লক্ষ্যৰে অগ্ৰসৰ হ'বলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ।
কাটাৰিয়াই শনিবাৰে "আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ" সন্দৰ্ভত অনুষ্ঠানত ভাষণ আগবঢ়ায় ৷ ভাষণ প্ৰদানত ৰাজ্যপালগৰাকীয়ে কয়, "ভাৰতৰ যুৱক-যুৱতীসকলক দক্ষ হিচাপে গঢ়ি তোলাটো আমাৰ দায়িত্ব ।" পৰিৱৰ্তনে ন ন সুযোগৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি কাটাৰিয়াই কয় যে নতুন প্ৰজন্মৰ মাজত দেশৰ কল্যাণৰ হেতু ব্যাপক পৰিৱৰ্তন সাধন কৰাৰ ক্ষমতা আছে । ৰাজ্যপালগৰাকীয়ে চৰকাৰী চাকৰিমুখী মানসিকতাৰ পৰিৱৰ্তে নিয়োগ সৃষ্টি কৰিব পৰাকৈ এটা নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িবলৈ যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনায় ।
যুৱ প্ৰজন্মক সমাজ এখনৰ ৰাজহাড় বুলি উল্লেখ কৰি কাটাৰিয়াই কয় যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ ভূমিকা অনবদ্য । ৰাজ্যপালগৰাকীয়ে যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক দেশ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলা বিষয়ত গুৰুত্ব আৰোপ কৰে । তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে নিজৰ দক্ষতা চিনাক্ত কৰি কামৰ ক্ষেত্ৰত কোনো সৰু-বৰ বিচাৰ নকৰি প্ৰতিটো মুহুৰ্তৰ সদব্যৱহাৰেৰে জীৱন গঢ় দিয়াৰ এয়াই উপযুক্ত সময় । দেশ নিৰ্মাণত সমাজৰ প্ৰতিজন লোকেই নিজৰ দায়িত্ব অনুসৰি অৱদান আগবঢ়ালে ভাৰতে খুব কম সময়ৰ ভিতৰতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি তেওঁ সভাত আশা প্ৰকাশ কৰে ।