মৰিগাঁও, 26 নৱেম্বৰ :মৰিগাঁৱৰ দন্দুৱা মাধ্যমিক বিদ্যালয়ে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী বৰ্ষৰ উৎসৱক লৈ শুকুৰবাৰে পৰা উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় দন্দুৱা অঞ্চলত । বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷
উক্ত অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন তথা এন চি টি ইৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্ত, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড৹ কৃষ্ণ মেধী, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ধনঞ্জয় কুশ্ৰে লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত অংশগ্ৰহণ কৰি ড° মহন্তই কয়, ‘‘মানুহে শিক্ষণ আৰু সামাজিকৰণৰ দ্বাৰা আয়ত্ব কৰিব পৰা বস্তু হৈছে মূল্যবোধ । যিয়ে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ । অকল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ বাবে যদি আনৰ অপকাৰ কৰে, সামাজিক পৰিৱেশ নষ্ট বা অপকাৰ কৰে তেনেহ’লে তেনে কাৰ্যৰ কোনো মূল্য আছে বুলি ক’ব নোৱাৰি’’ ।