অসম

assam

ETV Bharat / state

মৰিগাঁৱত ভুৱা চিকিৎসকৰ অতপালি - ভুৱা চিকিৎসক

মৰিগাঁও জিলা লাহৰীঘাটত চিকিৎসাৰ সমান্তৰালকৈ চলাইছে এই নাৰ্চিংহোম ৷ চিকিৎসকৰ হাতত নাই চিকিৎসালয় খোলাৰ কোনো অনুমতি, দেখুৱাব নোৱাৰে চিকিৎসকৰ অনুজ্ঞা পত্ৰও ৷

মুন্নাভাই চিকিৎসকৰ অতপালি

By

Published : Jul 6, 2019, 5:26 PM IST

মৰিগাঁও, 6 জুলাই : মৰিগাঁৱত চলিছে ভুৱা চিকিৎসকৰ অতপালি ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটত এগৰাকী ভুৱা চিকিৎসকে চিকিৎসাৰ সমান্তৰালকৈ চলাইছে এখন নাৰ্চিংহোম ৷ চিকিৎসকজনৰ হাতত নাই চিকিৎসালয় খোলাৰ কোনো অনুমতি, আনকি দেখুৱাব নোৱাৰে চিকিৎসকৰ অনুজ্ঞা পত্ৰও ৷ দিলদাৰ হুচেইন নামৰ এইগৰাকী ভুৱা চিকিৎসকে এনেদৰেই ব্যক্তিগত নাৰ্চিহোমত চলাইছে চিকিৎসা ৷ জিলা স্বাস্থ্য বিভাগে অলপতে নাৰ্চিংহোমখন বন্ধ কৰি দিয়ে যদিও পুনৰ বিভাগটোৰ অজ্ঞাতে নীৰৱে নাৰ্চিংহোমখন চলাই আহিছে ভুৱা চিকিৎসকজনে । কিন্তু, বৃহস্পতিবাৰে পুনৰ জিলা স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তলা ওলোমাই চিকিৎসালয়খনত ৷

মুন্নাভাই চিকিৎসকৰ অতপালি

ABOUT THE AUTHOR

...view details