ধিং,19 মে’:ৰাজ্যত ক'ভিডৰ দ্বিতীয়টো ঢৌত বহুসংখ্যক লোক আক্ৰান্ত হোৱাৰ লগতে বহুজনে প্ৰাণ হেৰুৱাইছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লহৰীঘাট অঞ্চলতো ক’ভিড আক্ৰান্তৰ সংখ্যাই প্ৰায় শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইতিমধ্যে প্ৰশাসনে লাহৰীঘাটৰ বৰিবন্ধা অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।
ক’ভিড আক্ৰান্তক খাদ্য সামগ্ৰী যোগান আছিফ নাজাৰৰ - বিধায়ক ডাঃ আছিফ নাজাৰ
লাহৰীঘাটৰ নৱ নিৰ্বাচিত বিধায়ক আছিফ নাজাৰে বৰিবন্ধা গাঁৱৰ কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰি ক’ভিডত আক্ৰান্ত ৰোগীৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷
ক’ভিডত আক্ৰান্তৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান লাহৰীঘাটৰ বিধায়কৰ
সেয়েহে মঙলবাৰে লাহৰীঘাটৰ নৱ নিৰ্বাচিত বিধায়ক আছিফ নাজাৰে বৰিবন্ধা গাঁৱৰ কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰি ক’ভিডত আক্ৰান্ত ৰোগীৰ পৰিয়ালক খাদ্য সামগ্ৰীৰ যোগান ধৰে ৷ বিধায়ক গৰাকীয়ে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল, মিঠাতেল, পিঁয়াজ, দালি, নিমখ ইত্যাদি খাদ্য সামগ্ৰীৰ যোগান ধৰে । নৱ নিৰ্বাচিত যুৱ বিধায়ক গৰাকীৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লৈছে ।
লগতে পঢ়ক: ক’ভিড আক্ৰান্ত লোকৰ কাষত বিধায়ক ৰকিবুল হুছেইন