অসম

assam

By

Published : May 11, 2021, 10:35 AM IST

ETV Bharat / state

বৰ্তমানলৈকে মৰিগাঁৱৰ ৫টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা

মৰিগাঁৱৰ পোকালাগী আৰু বৰিবন্ধা অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা । মঙলবাৰৰ পৰা অঞ্চল দুটাত কাৰ্যকৰী হ'ব কণ্টেইনমেণ্ট জ'নৰ সকলো নিয়মাৱলী । এতিয়ালৈকে জিলাখনৰ ৫টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ।

FIVE CONTAINMENT ZONE DECLARED IN MORIGAON
মৰিগাঁৱৰ পোকালাগী আৰু বৰিবন্ধা অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা

মৰিগাঁও, ১১ মে': ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে । সংক্ৰমণ অধিক হোৱা স্থানক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি সংক্ৰমণৰ শৃংখলা ভংগ কৰাৰ প্ৰয়াস কৰা হৈছে ।

মৰিগাঁও জিলাতো বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা । এতিয়ালৈকে জিলাখনৰ ৫টা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

মৰিগাঁৱৰ পোকালাগী আৰু বৰিবন্ধা অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা

শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ পোকালাগী আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিবন্ধা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ।

মঙলবাৰৰ পৰা অঞ্চল দুটাত কাৰ্যকৰী হ'ব কণ্টেইনমেণ্ট জ'নৰ সকলো নিয়মাৱলী ।

ইয়াৰ পূৰ্বে মৰিগাঁৱৰ চৰাইবাহী, জাগীৰোড নিজৰাপাৰ, কিশোৰ ক্লাব আদিক লৈ তিনিটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল । জিলাখনত মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

ABOUT THE AUTHOR

...view details