ঈদ উল আজহৰলৈ মাথো এদিন বাকীঃ ৰজ্যজুৰি ব্যাপক প্ৰস্তুতি - মৰিগাঁৱ
মৰিগাঁৱত পুৰুষ মহিলা উভয়ে চলাইছে ঈদ উল আজহৰৰ প্ৰস্তুতি
মৰিগাঁও, 11 আগষ্ট :মৰিগাঁৱত চলিছে ঈদ উল আজহৰৰ প্ৰস্তুতি ৷ অসমীয়া আখলৰ বিধে বিধে পিঠা পনা তৈয়াৰ কৰি অভ্যাগতৰ বাবে সাজু কৰি ৰখাই থোৱা হৈছে প্ৰতিগৰাকী অসমীয়া মুছলমান মহিলা । বিশেষকৈ অসমীয়াৰ আখলৰ তিলপিঠা, জোনপিঠা, নাৰিকলৰ পিঠা, ঘিলাপিঠা, তিলৰলাড়ু, নাৰিকলৰ লাড়ু ডলাই চালনি ভৰাই যতনাই ৰাখিছে মহিলাসকলে ৷ পুৰুষ সকলেও ঈদৰ বজাৰ সাৰ কৰি হেপাঁহৰ ঈদ উদযাপন কৰিবলৈ উদগ্ৰীৱ প্ৰতিজন পুৰুষ । উল্লেখযোগ্য যে কাইলৈ উদযাপিত হব লগা ঈদ উল আজহৰৰ বাবে ৰঙীন কাগজ আৰু বিভিন্ন তোৰণেৰে সাজু কৰা হৈছে জিলাখনৰবিভিন্ন ঈদগাহ,চূণ তেল ঘহি সাজু কৰা হৈছে সৰুবৰ সকলো মছজিদ ।